Guwahati:
মহানগৰীৰ মাজমজিয়াৰ উলুবাৰী উৰণ সেতুৰ তলত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শনিবাৰে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আয়োজনৰ ক্ষেত্ৰত গুৱাহাটী আৰক্ষী আয়ুক্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,আমাৰ দৃষ্টিগোচৰ হৈছে যে, কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাকৈ অহা ১৮ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত উলুবাৰী উৰণ সেতুৰ তলত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ এনে হোৱা উচিত যাতে ইয়াৰদ্বাৰা প্ৰেম, একতা আৰু সমন্বয়ৰ সোপান ৰচিত হয় আৰু সমূহ ৰাইজৰ বাবে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয়।
