আপোনাৰ চুলি বহুত সৰিছে নেকি?
আপোনাৰ উফিৰ সমস্যা বাঢ়িছে নে চুলিৰ মূৰবোৰ ফাটি গৈছে? চুলিৰ সমস্যা সমাধানৰ বাবে আপুনি তেল, ছেম্পু বিখ্যাত প্রসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো চেষ্টা কৰিছে, কিন্তু কাম কৰা নাই। কিন্তু আপুনি জনাজাত প্ৰসাধনৰ বাহিৰে আন পদ্ধতিত নিৰ্ভৰ কৰিব পাৰে তেন্তে আপোনাৰ চুলি সোনকালে বাঢ়িব।
(১) শ্বাৱাৰ কেপ- ৰাতি শুই থকাৰ সময়ত মূৰত শ্বাৱাৰ কেপ পিন্ধা অভ্যাস গঢ়ি তুলিব পাৰে। ফলত আঁঠুৱাত ঘহি ঘহি চুলি সৰি পৰাৰ পৰিমাণ কমি যাব। মূৰত শ্বাৱাৰ কেপ পিন্ধিলেও তাপ উৎপন্ন হয়, যিয়ে চুলিৰ গুৰিবোৰক পুষ্টি প্রদান কৰে।
(২) এন্টি-কল্ড জেল- যদি চুলিৰ গুৰিবোৰ পুষ্টি নাপায় তেন্তে নতুন চুলি গজাৰ সম্ভাৱনা নাথাকে। তেনে ক্ষেত্রত মূৰৰ বিষ নিৰাময় বাম আৰু ভেপৰেৰেব উদ্দীপক হিচাপে কাম কৰে। এই পদার্থই মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধিতো সহায় কৰে।
(৩) ওলোটা কৌশল- প্রতি নিশা এটা কাম কৰক, মূৰটো তললৈ নমাই চুলিখিনি পিছফালৰ পৰা ফণীয়াই লওক। প্রতি নিশা দুমিনিটমান ফণীয়াই মূৰটো মালিচ কৰিলে তেজৰ সঞ্চালন বৃদ্ধি পাব।
(৪) বাদামৰ ঘিউ- বাদামৰ মাখনে নতুন চুলি গজাত সহায় কৰে। ভিটামিন ই আৰু আলফা-ট’ক’ফেৰল সমৃদ্ধ এই উপাদানটোৱে মূৰত প্ৰয়োগ কৰিলে চুলিৰ গুৰিবোৰক পুষ্টি প্রদান কৰে। মাত্র পেকৰ দৰে ২০ মিনিট মূৰত লগাওক আৰু ছেম্পু কৰি লওক।
(৫) আপেল চাইডাৰ ভিনেগাৰ- আপেল চাইডাৰ ভিনেগাৰে উফিৰ পৰা মুক্তি বা চুলিত অতিৰিক্ত জিলিকনি যোগ কৰাত সহায় কৰে। কিন্তু বহুতে নাজানে যে এই প্রাকৃতিক উপাদানটোৱে ফোলিকল উদ্দীপক হিচাপেও কাম কৰে ।






























