বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিলে এলন মাস্কে। টেছলা, স্পেচএক্স, এক্সসহ একাধিক বিশ্বখ্যাত প্রতিষ্ঠানৰ স্বত্বাধিকাৰী মাস্কৰ সম্প্রতি মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৮৫ বিলিয়ন ডলাৰ।
এই বৃহৎ পৰিমাণৰ সম্পত্তিৰে মাস্কে আকৌ এবাৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত প্রথম স্থান লাভ কৰিলে। তালিকাত দ্বিতীয় স্থানত অৰেকলৰ সহ-প্রতিষ্ঠাপক লেৰী এলিছনৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৫৫ বিলিয়ন ডলাৰ।
তালিকাৰ তৃতীয় স্থানত আছে মেটাৰ মুৰব্বী মার্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৬১ বিলিয়ন ডলাৰ। এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছৰ সম্পত্তিৰ পৰিমাণ ২৪৩ বিলিয়ন ডলাৰ আৰু তালিকাত তেওঁৰ স্থান চতুর্থ।
পঞ্চম স্থানত থকা লেৰী পেজৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৮ বিলিয়ন ডলাৰৰ। তালিকাত ছার্গেই ব্রিন ষষ্ঠ স্থানত, স্টিভ বালমৰ সপ্তম, বার্ণাৰ্ড অর্ণাল্ট অষ্টম, জেনচেন হোৱাংগ নৱম আৰু ৱাৰেন ব’ফেট দশম স্থানত আছে।






























