Zubeen Garg:✒️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এমাহ পাৰ হ’ল। মহানায়কজন নোহোৱাৰ কথা যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। আজিও ন্যায়ৰ অপেক্ষাত জুবিন অনুৰাগী ।
বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত কেনেকৈ প্ৰাণ হেৰুৱালে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে তাক লৈ তদন্ত অব্যাহত আছে । ইতিমধ্যেই এই ঘটনাৰ সন্দৰ্ভত কেবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
ইয়াৰ মাজতে সামাজিক মাধ্যমটো অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডিজিটেল প্ৰতিবাদ।
ইয়াৰ সমান্তৰাললৈ আজিৰে পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিব বিজেপি । বিগত কিছুদিন ধৰি বিজেপিয়ে সংগীতৰ মহানায়কৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজপথত ওলাব বুলি স্থিতি স্পষ্ট কৰাৰ পাছত আজিৰে পৰাই আৰম্ভ কৰিব এই অভিযান ।
কোনো দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ বাবেই দাবী জনাই আৰম্ভ জন সমদল ।
পৰ্যায় ক্ৰমে ঠায়ে ঠায়ে হ’ব বিজেপিৰ বিশাল জন সমদল । বুধবাৰে নলবাৰীৰ পৰা আৰম্ভ হ’ব বিজেপিৰ এই ন্যায় যাত্রা ।
এই সমদলত অংশগ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱা আদিয়ে ৷
পৰৱৰ্তী সময়ত ২৩ অক্টোবৰত মঙলদৈ, ২৪ অক্টোবৰত ডিব্ৰুগড়, ধেমাজি, কাছাৰত বিজেপিয়ে কৰিব ন্যায় যাত্রা ৷






























