Ulfa:✒️আলফা (স্বাধীন) সহ উত্তৰ-পূৰ্বাঞ্চলৰ উগ্রপন্থী সংগঠনক লৈ একপ্ৰকাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ম্যানমাৰৰ ভূমিত। যোৱা ১৪ জুলাইত দেশখনৰ ছাগাইন অঞ্চলত আলফা (স্বাঃ)ৰ শিবিৰত সংঘটিত বৃহৎ ড্র’ণ আক্ৰমণৰ ঘটনাৰ পাছৰ পৰাই এই পৰিৱেশ গঢ় লৈ উঠে। সম্প্রতি গম্ভীৰ হৈ পৰিছে পৰিস্থিতি। ইয়াৰ প্রত্যক্ষ প্রভার অসম, অৰুণাচল আৰু নগালেণ্ডৰ ভূমিত পৰিছে।
সোমবাৰে সন্ধিয়া ড্ৰ’ণৰ জৰিয়তে বৃহৎ আক্রমণ সংঘটিত হয় ম্যানমাৰস্থিত এনএছচিএন-কে (বাইএ)ৰ এটা শিবিৰত।
উং আং নেতৃত্বাধীন সংগঠনটোৰ সদস্য আৰু পৰিয়ালৰ লোকসহ আঠজন এই আক্রমণত নিহত হয় বুলি নিৰাপত্তা বাহিনীয়ে দাবী কৰিছে। ইয়াৰ ভিতৰত সংগঠনটোৰ শীর্ষ নেতা পিয়ং মাই আৰু তেওঁৰ পত্নীসহ তিনিজন দেহৰক্ষীও আছে।
উল্লেখ্য যে পিয়ং মাইসহ সংগঠনটোৰ কে’বাজনো সদস্যই শিবিৰটোত আশ্ৰয় লৈ থকা তথ্যৰ ভিত্তিতে এই আক্রমণ চলোবা হয়। এই আক্রমণ আছাম ৰাইফলছে চলোৱা বুলি সংগঠনটোৱে দাবী কৰিছে। ইয়াৰ বিপৰীতে আক্ৰমণৰ দায়িত্ব কোনেও গ্রহণ কৰা নাই।
এই আক্রমণ-প্রত্যাক্ৰমণৰ এক পৰিণাম বুলি ভাৰতীয় নিৰাপত্তা বাহিনীৰ সূত্রই সদৰী কৰিছে। লক্ষ্যণীয় যে নগা উগ্রপন্থী সংগঠনটোৰ ওপৰত চলা এই আক্ৰমণৰ আলফা (স্বাঃ) ৰ প্ৰতিও এক সকীয়নি বুলি গণ্য কৰা হৈছে।
কিয়নো যোৱা ১৬ অক্টোবৰত অৰুণাচলৰ চাংলাং জিলাৰ মানমাও অঞ্চলত আছাম ৰাইফলছৰ ওপৰত উগ্রপন্থীয়ে এক বৃহৎ আক্রমণ সংঘটিত কৰিছিল। এই আক্রমণ আলফা (স্বাঃ) আৰু এনএছচিএন-কে (বাইএ)-এ যৌথভাবে চলাইছিল। তাৰ পাছতে তিনিচুকীয়াৰ কাকপথাৰত এটা সেনাৰ শিবিৰৰ ওপৰত আলফা (স্বাঃ)ই বৃহৎ আক্রমণ চলায়।
এই ঘটনাত তিনিজন সেনা জোৱান হতাহত হয়। নিৰাপত্তা বাহিনীৰ সূত্ৰই সদৰী কৰা অনুসৰি, যোৱা জুলাইত আলফা (স্বাঃ)ৰ শিবিৰত যি আক্রমণ চলিছিল, তাৰ প্ৰতিশোধ লোৱাৰ চেষ্টা বিভিন্ন সময়ত সংগঠনটোরে চলাই আহিছে। আলফা (স্বাঃ) ক এনে চেষ্টাত সহায় কৰি আহিছে নগা উগ্রপন্থী সংগঠনটোৱে।
এনে ধৰণৰ ইটোৰ পাছত সিটো ঘটনাৰ ফলতে ম্যানমাৰৰ ভূমিত বিগত প্রায় ডেৰ সপ্তাহ ধৰি ব্যাপক সমৰসজ্জা চলি আহিছে। ম্যানমাৰত গৃহযুদ্ধ চলি থকাৰ মাজেত দেশখনৰ সেনাৰ সহযোগত ভাৰতীয় সেনাৰ দলেও এই সমৰসজ্জাত যোগ দিয়া বুলি চর্চা চলিছে।
আনহাতে, আত্মৰক্ষাৰ কৌশল হিচাপে উগ্রপন্থী সংগঠন বিশেষকৈ আলফা আৰু এনএছচিএনে যুদ্ধংদেহী ৰূপত অৱস্থান কৰিছে। নিৰাপত্তা বাহিনীৰ সূত্রই জনোৱা অনুসৰি, তেনে সমৰসজ্জাৰ এক ৰণকৌশল হিচাপে আলফা (স্বাঃ)ই কাকপথাৰৰ সেনাৰ শিবিৰত শেহতীয়াকৈ এক আক্ৰমণৰ ঘটনা সংঘটিত কৰে।
সূত্ৰটোৱে এই বুলিও সদৰী কৰে যে কাকপথাৰত হোৱা আক্ৰমণটোৰ পাছতে অৰুণাচলত অসম ৰাইফলছৰ উপৰি সেনাকো নিয়োগ কৰা হৈছে। ভাৰত-ম্যানমাৰ সীমান্তৰ লগত সংলগ্ন হৈ থকা ছাংলাং জিলাত এনে তৎপৰতা অধিক বৃদ্ধি হৈছে। তথ্য অনুসৰি, কাকপথাৰত আক্ৰমণ কৰা আলফা (স্বাঃ)ৰ দলৰ সদস্যই ছাংলাঙতে আত্মগোপন কৰে।
ইপিনে, এনএছচিএনৰ শিবিৰত কালি হোৱা আক্ৰমণৰ পাছত অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে অসম-অৰুণাচল সীমান্ততো ভাৰতীয় সেনাক নিয়োগ কৰা হৈছে।






























