Guwahati :মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা

তীব্রগতিৰ বাহনৰ খুন্দাত মৃত্যু যুৱকক, ঘটনা সংঘটিত কৰিয়েই পলায়ন হুণ্ডাই i20 বাহন খন

1

Guwahati :

মহানগৰীত নিশা পুনৰ সংঘটিত হিট এণ্ড ৰানৰ ঘটনা ৷ তীব্ৰগতিত অহা বাহন খুন্দাত থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ ৷জয়ানগৰত সংঘটিত হৈছিল দুর্ঘটনাটো ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন হুণ্ডাই i20 বাহন খন ৷ মৃত যুৱকজনৰ নাম অনুৰাগ দাস। বয়স ১৯ বছৰ ৷
উল্লেখ্য যে দুর্ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰাৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভিত ৷ নিশাই আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷ আনহাতে আৰক্ষীয়ে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰা হুণ্ডাই i20 বাহন খনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
উল্লেখ্য যে কে’বা মাহ পূৰ্বে মহানগৰীৰ দক্ষিণগাৱঁৰ ৰাজপথত বাইক সহ এজন ছাত্ৰক মহতিয়াই নিছিল এগৰাকী অভিনেত্ৰীয়ে চলাই যোৱা বাহনে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ ৰোষত পৰি জেলৰ ভাত খাবলগীয়া হয় অভিনেত্ৰী গৰাকী I
Exit mobile version