Piyush Pandey:✒️বিজ্ঞাপন জগতৰ কিংবদন্তি পীয়ুষ পাণ্ডেৰ দেহাৱসান। বৃহস্পতিবাৰে তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।
কিংবদন্তি পীয়ূষ পাণ্ডেৰ বিয়োগত শোকাহত বিজ্ঞাপন জগত।তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে পাণ্ডে প্ৰায় এক মাহ ধৰি ক’মাত আছিল ।
পাণ্ডেই ১৯৮২ চনত অগিলভি এণ্ড মাথাৰ ইণ্ডিয়া (বৰ্তমান অগিলভি ইণ্ডিয়া)ৰ স’তে বিজ্ঞাপন যাত্ৰা আৰম্ভ কৰিছিল ৷ সৃষ্টিশীল দিশলৈ যোৱাৰ পূৰ্বে আগতে প্ৰশিক্ষাৰ্থী একাউণ্ট এক্সিকিউটিভ হিচাপে কাম কৰিছিল ।
নিজৰ প্ৰতিভাৰে তেওঁ আক্ষৰিক অৰ্থত ভাৰতীয় বিজ্ঞাপনৰ চেহেৰা সলনি কৰি দিলে ।
এছিয়ান পেইণ্টছৰ “হাৰ খুছি মে ৰংগ লায়ে”, কেডবেৰীৰ “কুচ খাছ হে” আৰু ফেভিকলৰ আইকনিক “এগ” ছবিৰ দৰে আইকনিক এড কেম্পেইনৰ মাষ্টাৰমাইণ্ড তেওঁ ।
উল্লেখ্য যে, পদ্মশ্ৰী পীয়ূষ পাণ্ডেৰ মাষ্টাৰপিছ বিজ্ঞাপনৰ ভিতৰত আছিল,এয়াৰটেল – হৰ এক ফ্ৰেণ্ড জৰুৰী হোতা হে ।
২০১৪ চনত বিজেপিৰ ৰাজনৈতিক প্ৰচাৰত “অবকী বাৰ মোদী চৰকাৰ” টেগলাইন আছিল পাণ্ডেৰ অন্যতম সৃষ্টিশীল ধাৰণা ।
অমিতাভ বচ্চনৰ স’তে পলিঅ’ প্ৰচাৰৰ বিজ্ঞাপনৰ আঁৰত আছিল পীয়ুষ পাণ্ডে ।






























