Guwahati:
মহানগৰীত শেহতীয়াকৈ কাঠ ফুলাৰ দৰে গঢ়ি উঠা কেতবোৰ নিচামুক্তি কেন্দ্ৰত প্ৰায়ে সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা ৷ ইতিমধ্যে কে’বাটাও নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে মৃত্যু মুখত পৰিবলগীয়া হৈছিল আবাসী। এইক্ষেত্ৰত সময়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লোকে নিৰীক্ষণ কৰি আহিছে যদিও কাৰ্যত সেইয়াও ফুটুকাৰ ফেনতহে পৰিণত হৈছে ৷
এইবাৰ মহিলা নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ মহানগৰীৰ মাজমজিয়াৰ হেঙেৰাবাৰীৰ সৃষ্টি ৱেলনেছ চেন্টাৰৰ আবাসী এগৰাকী যুৱতীক নির্যাতন চলোৱা অভিযোগ উদ্থাপিত হৈছে ৷ ,নিচা মুক্তি কেন্দ্ৰটোৰ খোদ স্বতাধিকাৰীয়ে ড্ৰাগছ সেৱন কৰি চিকিৎসাধীন হৈ থকা যুৱতী ৰোগীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ আবাসীৰ ৷আনকি স্বতাধিকাৰীয়ে চিকিৎসাধীন মহিলা ৰোগীক গোপন ভিডি’অ ভাইৰেল কৰি দিয়াৰো ভাবুকি দিয়ে । যাৰবাবে অসম ৰিহেব এছ’চিয়েচনে ঘটনাক লৈ দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ । ইতিমধ্যে এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ এটা দল সৃষ্টি ৱেলনেছ চেন্টাৰত উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান ৷
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সৃষ্টি ৱেলনেছ চেণ্টাৰৰ স্বত্ত্বাধিকাৰীক ৷ নিচা মুক্তি কেন্দ্রত থকা যুৱতী-কিশোৰীক পৰিয়ালক গতাই দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ একেদৰে সৃষ্টি ৱেলনেছ চেণ্টাৰ ছীল কৰি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷
ADVERTISEMENT




































