SIT Pressmeet:
জুবিন গাৰ্গ মৃত্যু গোচৰৰ তদন্ত কৰি থকা এছ আই টি দুজনীয়া দলে ছিংগাপুৰত তদন্ত সম্পন্ন কৰি বৃহস্পতিবাৰে উভতি আহে গুৱাহাটীলৈ ৷ এছআইটিয়ে ছিংগাপুৰত তদন্ত কৰা সম্পৰ্কত শুকুৰবাৰে চিআইডি মুখ্য কাৰ্যালয়ত এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এক সংবাদমেল সম্বোধন কৰে ৷
তদন্তৰ শেহতীয়া গতিবিধিৰ সন্দৰ্ভত এছ আইটি মুৰব্বী গৰাকীয়ে কয় ,এছআইটি দলটো ২০ অক্টোবৰত চিংগাপুৰত উপস্থিত হৈ ভাৰতীয় উচ্চায়ুক্তৰে এক বৈঠকত মিলিত হৈ আইনী সাহায্য বিচৰা হয় ৷ আনহাতে ২১ অক্টোবৰত চিংগাপুৰ আৰক্ষীৰ এছপিএফৰ পাঁচজনীয়া দলৰ স’তে এক বৈঠক অনুষ্ঠিত হয় এছআইটিৰ ৷
সংবাদমেলত এছআইটিৰ মুৰব্বী গৰাকীয়ে আৰু কয় যে,এছপিএফৰে হোৱা বৈঠকতে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন এছআইটিৰ হাতত তুলি দিয়ে ছিংগাপুৰ আৰক্ষীয়ে ৷
আনহাতে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীও এছটিএফৰ সহযোগত পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰে এছআইটিয়ে ৷ এছআইটি ফালৰ পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে চলাই থকা তদন্ত অধিক খৰতকীয়া কৰিবলৈ আহ্বান জনায় এছআইটিয়ে।
মুন্না প্ৰসাদ গুপ্তাই আৰু কয়, জুবিন গাৰ্গে বাহৰ পাতি থকা হোটেল পেচিফিকৰ চিচিটিভি ভিজুৱেল সংগ্ৰহ কৰিবলৈকো এছটিআই ফালৰ পৰা অনুৰোধ জনোৱা হয় ছিংগাপুৰ আৰক্ষীক ।
আনহাতে ছিংগাপুৰত থকা কেইবাগৰাকী প্ৰবাসী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি এছ আই টিৰ হাতত দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ছিংগাপুৰ পুলিচ ফৰ্চে(এছপি এফ) ৷ ছিংগাপুৰ আৰক্ষীয়ে ১০ দিনৰ ভিতৰতে হোটেল পেচিফিকৰ চিচিটিভি ভিজুৱেল আৰু প্ৰবাসী অসমীয়াৰ ভাষ্য সংগ্ৰহ কৰি এছ আই টিলৈ পঠাব ৷
চিআইডি এডিজিপি গৰাকীয়ে আৰু কয় ,জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ কেতবোৰ প্ৰয়োজনীয় যথেষ্ঠ তথ্য লাভ ছিংগাপুৰত লাভ কৰিছে এছ আইটিয়ে ৷
আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ সাতদিন পূৰ্বে যি সকল ব্যক্তিয়ে মেছেজত কথা পাতিছিল,ফোনত কথা পাতিছিল সেই সকলে অচিৰেই এছআইটিক সহায় কৰাৰ লগতে আৰু তথ্য যোগান ধৰিবলৈ সংবাদমেলত আহ্বান জনাই মুন্না প্ৰসাদ গুপ্তাই ৷
