দিনটোৰ ৰাশিফল

horoscope new 1

Daily Horoscope:✒️মেষ: স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে। কোনো ধৰণৰ আশা ভংগ হ’ব পাৰে। দূৰ কোনো ঠাইত ভ্ৰমণৰ আলোচনা হ’ব। সামাজিক কামৰ বাবে সম্মান লাভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।

বৃষ: শিক্ষার্থীসকলৰ উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা হোৱাৰ সম্ভাৱনা। কোনো আত্মীয়ৰ বাবে চিন্তা বৃদ্ধি। নতুন গৃহ নিৰ্মাণৰ সম্ভাৱনা আছে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

মিথুন: পাবলৈ থকা ধন ঘূৰাই পাব পাৰে। সংসাৰত অতিথিৰ কাৰণে অযথা অর্থ ব্যয় হ’ব পাৰে। অতিৰিক্ত ক্রোধৰ বাবে সমস্যা হ’ব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৬।

কর্কট: ব্যৱসায় ক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। অতিৰিক্ত কথা কোৱাৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। স্বাস্থ্যৰ অসুবিধাৰ কাৰণে কৰ্মস্থানত অসুবিধা হ’ব।শুভ ৰং মাখন। শুভ সংখ্যা ২।

সিংহ: ঘৰলৈ কোনোবা আত্মীয় অহাৰ সম্ভাৱনা আছে। হাতলৈ পইচা আহিব যদিও খৰচ বৃদ্ধি। প্ৰেমৰ ক্ষেত্ৰত বাধা দেখা যায়। শত্ৰুৰ পৰা সাৱধানে থাকক। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কন্যা: ব্যৱসায়ত শুভ পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। খেলা-ধূলাত সাফল্য লাভ কৰিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।

তুলা: শিক্ষাৰ্থীসকলৰ বাবে ভাল পদ দেখা যায়। ব্যৱসায়ত আয় বৃদ্ধি হোৱাৰ যোগ। অতিৰিক্ত খৰচৰ বাবে চিন্তা কৰিব পাৰে। আপোনাৰ ব্যৱহাৰে আজি আপোনাক ভাল ফল দেখুৱাব। শুভ ৰং ৰঙা। শুভসংখ্যা ৭।

বৃশ্চিক: পঢ়া-শুনাৰ বাবে সুনাম লাভ কৰিব। সন্তানৰ বাবে ঘৰত খৰচ বৃদ্ধি। অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভনকৰিব। শুভ ৰং ছাই, শুভ সংখ্যা ৯।

ধনু: বন্ধুৰ ফালৰ পৰা কিছু ভাল সাহায্য পোৱাৰ সম্ভাৱনা। ব্যৱসায় দিশত কোনো ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। প্ৰিয়জনৰ লগত বিবাহৰ কথা আলোচনা হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

মকৰ: সম্পত্তিক লৈ অশান্তি হ’ব পাৰে। সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে। ঘৰত অশান্তিৰ বাবে মানসিকভাৱে কষ্ট পাব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৩।

কুম্ভ: পূজা পাঠৰ বাবে খৰচ বাঢ়িব পাৰে। পাৰিবাৰিক দিশত শান্তি লাভকৰিব। মূৰ বিষ হ’ব পাৰে। স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।

মীন: আপুনি বিচৰা মতে পৰিৱেশ হ’ব পাৰে। দাম্পত্য জীৱনত শুভফল। চাকৰি স্থান সলনি হ’ব পাৰে। নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে। প্রেমত শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ৬।

Exit mobile version