Police-Army Joint Operations:আলফা (স্বাঃ)ৰ অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ জিতু মৰাণৰ মাকুমৰ হেবেদাস্থ বাসগৃহত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ পিষ্টল আৰু বটল গ্রেনেড

u2

Police-Army Joint Operations:

তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ যৌথ দলে শুকুৰবাৰে আটক হোৱা আলফা (স্বাঃ)ৰ অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ জিতু মৰাণ ওৰফে মাইনাৰ মাকুমৰ হেবেদাস্থ বাসগৃহত আজি অভিযান চলাই ৷ অভিযানত বাসগৃহটোৰ পৰা উদ্ধাৰ হয় পিষ্টল আৰু বটল গ্রেনেড ৷

শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল জিতুসহ জুলি গগৈ আৰু দিপক গগৈ নামৰ আলফা (স্বাঃ)ৰ লিংকমেন তিনিজনক ৷আনহাতে ম্যানমাৰৰ পৰাও আটক কৰা হয় আন চাৰি লিংকমেনক I
আটকাধীন চাৰি লিংকমেনৰ নাম প্ৰকাশ কৰা নাছিল আৰক্ষীয়ে ৷

উল্লেখ্য যে আটকাধীন জিতু মৰাণ ওৰফে মাইনা সহ লিংকমেন কেইজনে ম্যানমাৰৰ আলফা (স্বাঃ)ৰ শিবিৰলৈ ঔষধ সৰবৰাহৰ কামত জড়িত আছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ ৷

Exit mobile version