বিবাহিত অৱস্থাত আন কাৰোবাৰ স’তে সম্পর্কত জড়িত হোৱা বা ‘পৰকীয়া’ৰ ঘটনা বলিউদত নতুন নহয়। বহু তাৰকাই প্রথম পত্নী থকা অৱস্থাতো আন কাৰোবাক বিয়া কৰাইছে। আনকি নায়িকাৰ মাজতো এনে নজিৰ আছে। অৱশ্যে এটা নিশাৰ সম্পৰ্কক বিশেষ বেয়া দৃষ্টিৰে চাব নিবিচাৰে কাজল আৰু টুইংকল খান্নাই। দুই প্রবীণ অভিনেত্ৰীৰ মতে, শাৰীৰিকভাৱে ঠগ খোৱাতকৈ মানসিক প্ৰতাৰণা বেছি কষ্টকৰ। অৱশ্যে তেওঁলোকৰ এই ধাৰণাক সমর্থন নকৰে এই প্ৰজন্মৰ নায়িকা জাহ্নৱী কাপুৰে।
কাজল আৰু টুইংকলৰ অনলাইন অনুষ্ঠান ‘টু মাচ্চ’ শেহতীয়াকৈ যথেষ্ট জনপ্রিয় হৈছে। সম্প্রতি তেওঁলোকৰ অনুষ্ঠানলৈ অতিথি হৈ আহিছিল শ্রীদেৱীৰ কন্যা জাহ্নবী আৰু প্রযোজক-পৰিচালক কৰণ জোহৰ। আলোচনাৰ মাজতে সম্পর্কত প্ৰতাৰণাৰ বিষয়টো উত্থাপন হয় আৰু তেতিয়াই শাৰীৰিক প্ৰতাৰণাক লৈ বিশেষ ৰক্ষণশীল নহয় বুলি সদৰী কৰে কাজল আৰু টুইংকলে। কৰণেই ইয়াত সমর্থন কৰে। কাজলে কয়, ‘নিশা শেষ কথা শেষ। ইমান ভবাৰতো আৰু একো নাই!’ কাজলৰ লগতে টুইংকল আৰু
কৰণেই কৈ উঠে যে আচলতে কষ্ট হয় মানসিক প্রতাৰণাত। অৱশ্যে তেওঁলোকৰ স’তে একমত হ’ব নোৱাৰিলে জাহ্নবীয়ে। তেওঁ বাৰে বাৰে কয়, ‘দুয়োটাই বেয়া বস্তু। ইয়াত কম-বেছি বিচাৰ কৰা নাযায়।’ তেতিয়াই টুইংকলে মন্তব্য কৰে যে জাহ্নৱীৰ বয়স যেতিয়া ৫০ বছৰ হ’ব, তেতিয়া তেৱোঁ তেওঁলোকৰ স’তে একমত হ’ব। জাহ্নৱীৰ নিজৰ মতত অটল হৈ থকা মনোভাবে মন জয় কৰিছে অনুষ্ঠানৰ দৰ্শকৰ। সকলোরে জাহ্নবীক প্রশংসা কৰাৰ বিপৰীতে দুই প্রবীণ অভিনেত্রীক সমালোচনা কৰিছে।






























