Kidnapper Arrested in Barbari :
মহানগৰীৰ দিছপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ছয় অপহৰণকাৰী ৷ অপহৰণকাৰীৰ পৰা জব্দ বীৰ লাচিত সেনা অসমৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত কেতবোৰ পত্ৰ৷ পত্ৰ কেইখনত আৰ্থিক সাহায্য বিচাৰি বিভিন্ন জনলৈ দিয়া কথা উল্লেখ আছে ৷
উল্লেখ্য যে বৰবাৰী ভিআইপি পথৰ প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা ৰাহুল মিশ্ৰ নামৰ এজন লোকক প্ৰায় ১০-১৫জনীয়া দুর্বৃত্তৰ দল এটাই অপহৰণ কৰিছিল ৷ অপহৃতৰ মুক্তিৰ বিনিময়ত মুক্তিপণ হিচাপে দাবী কৰা হৈছিল ১৫-২০ লাখ টকা ৷
আনহাতে অপহৰণ ঘটনাৰ পিছতে অপহৃত ৰাহুল মিশ্ৰৰ বন্ধু এৰছাদ খান নামৰ লোকজনে কালি দিছপুৰত আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাই অভিযান চলাই বৰবাৰীৰ ত্রিবেণী পথৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত ৰাহুল মিশ্ৰ ৷
আনহাতে আৰক্ষীয়ে আটক কৰে আঠজন অপহৰণকাৰী ক্ৰমে নিতু আহমেদ, মোহন বৰা, চিন্ময় দেৱ,ৰিয়াজ আহমেদ,ইনজামুল হক, বিশ্বজিত দলে, ৰোহন আলী আৰু বিৰাজ কলিতা ৷ আৰক্ষীয়ে অপহৰণত ব্যৱহৃত দুখন বাহনো জব্দ কৰে ৷ অপহৰণকাৰী আটাই কেইজন বীৰ লাচিত সেনাৰ সদস্য বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
আনহাতে মহানগৰীৰ মাজমজিয়াত আঠজনকৈ বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনাই তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰীয়ে কয়,লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট ,আৰু তেওঁলোকৰ কাৰ্যকলাপক লৈ আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ | আলফাৰ দৰে আমি এদিন হয়তো লাচিত সেনাক নিষিদ্ধ কৰিম।
ড:শৰ্মাই আৰু কয়,ব্যৱসায়ীকসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে, অসমত ব্যৱসায়িক পৰিৱেশ এটা যোৱা দুমাহ একেবাৰে নষ্ট কৰি দিছে । লাচিত সেনাৰ এজনে অসমৰ আই মাতৃসকলক অপমান সূচক মন্তব্য কৰিছিল | আমি আৰক্ষীক কঠোৰ পদক্ষেপ ল’বলৈ নির্দেশ দিছোঁ |মুখ্যমন্ত্ৰীৰ এই ইংগিতৰ পিছত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে কামৰূপ মহানগৰ জিলা বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম ৷
ADVERTISEMENT




































