Guwahati :
অৱশেষত জামিন লাভ চিকিৎসক ৱালিউল ইছলামৰ ৷ তোলনীয়া সন্তানক নিৰ্যাতনৰ অভিযোগত ডা:ইছলাম আৰু তেওঁৰ পত্নী ডাঃ সংগীতা দত্ত কাৰাৰুদ্ধ হৈ আছিল সুদীৰ্ঘ দুটা বছৰ ৷শিশু নির্যাতনৰ গোচৰত দুয়োকে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২০২৩ চনৰ ৬ মে’ত ৷
ADVERTISEMENT
গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্যৰে ডা:ইছলামৰ জামিন মঞ্জুৰ কৰিলে মঙলবাৰে ৷ অৱশ্যে বর্তমানেও জামিন লাভ কৰা নাই ডাঃ সংগীতা দত্তই ৷




































