APCC:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিমাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে যোগদান কার্যসূচী ৷ বুধবাৰে মহানগৰীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হোৱা এক যোগদান সভাত মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন টিএমপিকেৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজু মেদক সহ বিভিন্ন দল- সংগঠনৰ শতাধিক নেতা- কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত ৷
শতাধিক লোকৰ যোগদানেৰে পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ ৷সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি ৰিপুণ বৰা সাংসদদ্বয় প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন সহ কে’বাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷
