53-year-old woman has regained her youth:
সময়ক স্তব্ধ কৰি দিয়াৰ কাহিনী ইমানদিনে মানুহে দেখিছিল কেৱল চিনেমা বা উপন্যাসত। অথচ এইবাৰ সেই কল্পনাই বিজ্ঞানৰ বদান্যতাত বাস্তৱৰ ৰূপ পালে। ব্রিটেইনৰ বাবৰাহাম ইনষ্টিটিউটৰ এদল গবেষকে প্রথমবাৰৰ বাবে এক আশ্চৰ্যকৰ সাফল্য অর্জন কৰিছে। এগৰাকী ৫৩ বছৰীয়া মহিলাৰ ছালৰ কোষক পুনর্জীৱিত কৰি গঢ় দিয়া হৈছে ২৩ বছৰীয়া যুৱতীৰ ছালৰ দৰে।
এই যুগান্তকাৰী গৱেষণাত বিজ্ঞানীৰ দলটোৱে ব্যৱহাৰ কৰিছে ‘পাচিয়েল চেলুলাৰ ৰি-প্ৰ’গ্রামিং’ নামৰ এক উন্নত পদ্ধতি। এই পদ্ধতিত কোষত প্রয়োগ কৰা হয় এবিধ বিশেষ প্র’টিন উপাদান, যিবোৰক কোৱা হয় ‘ইয়ামানাকা ফেক্টৰ’। জাপানী বিজ্ঞানী ছিনিয়া ইয়ানামাকাৰ নামত এই প্ৰ’টিন উপাদানৰ নামকৰণ হৈছে। এই ফেক্টৰসমূহৰ নিয়ন্ত্রিত প্ৰয়োগৰ দ্বাৰা ছালৰ কোষবোৰলৈ মাত্র ১৩ দিনৰ ভিতৰতে ‘যৌৱন ঘুৰাই’ অনা সম্ভৱ হৈছে, অথচ সিবোৰৰ মূল বৈশিষ্ট ছাল হিচাপে কাম কৰাৰ ক্ষমতা অক্ষুণ্ণ আছে।
বিজ্ঞানীসকলৰ গৱেষণাৰ ফলাফল সঁচাকৈয়ে চমক সৃষ্টিকাৰী। পুনর্জীবিত কোষবোৰে আগৰ তুলনাত অতি দ্রুততাবে ক্ষতৰ উপশম ঘটাইছে, অধিক বেছিতৈ ক’লাজেন উৎপন্ন কৰিছে আৰু এনে জিন সক্ৰিয় কৰিছে যিবোৰ সাধাৰণ তৰুণ বয়সত সক্রিয় হৈ থাকে। মাইক্র’স্কোপত দেখা গৈছে যে এই কোষবোৰ আগতকৈ বেছি দৃঢ়, স্থিতিশীল আৰু নমনীয় হৈ পৰিছে।
সবাতোকৈ অবাক কৰা বিষয়টো হৈছে, এই পৰিৱৰ্তনটো সাময়িক নহয়। কে’বা সপ্তাহৰ পাছতো কোষবোৰে নিজৰ নৱযৌৱনৰ বৈশিষ্ট্য অটুট ৰাখিছে। যি প্রমাণ কৰে যে এয়া কেৱল এক বাহ্যিক পৰিৱৰ্তন নহয়, বৰঞ্চ এক বাস্তৱ জৈৱ পুনৰুজ্জীৱন। এই আৱিষ্কাৰে বাৰ্ধক্য ৰোগ, ক্ষত উপশম আৰু আনকি বয়সজনিত ৰোগৰ চিকিৎসাত এক নতুন যুগৰ সূচনা কৰিব পাৰে।






























