Guwahati:ৰৈ ৰৈ বিনালে’ মুক্তি পিছত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

মই চিনেমা খন চাবলৈ গ'লে ৰাইজৰ যথেষ্ট কষ্ট হ'ব কিয়নো মোৰ লগত যাব ২৬ দেহৰক্ষী ,বন্ধৰ স'তে জোনাকী চাম ৰৈ ৰৈ বিনালে

zz1

Guwahati:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম খন কথাছবি আজি অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়,অৰুণাচল আৰু মণিপুৰত মুক্তি পায় ‘ৰৈ ৰৈ বিনালে’। একেদৰে মায়ানগৰী মুম্বাই,পুণে, দিল্লী, হায়দৰাবাদ আৰু কলকাতাতো মুক্তি লাভ কৰে ‘ৰৈ ৰৈ বিনালে’ই।
উল্লেখ্য যে দেশৰ ভিতৰতে প্রথম গুৱাহাটীৰ বেলতলাস্থিত মেট্রিক্স চিনেমা হলত পুৱা ৪.২৫ বজাত ‘ৰৈ ৰৈ বিনালে’ৰ প্রথম দর্শনী আৰম্ভ হয় l
আনহাতে ৰৈ ৰৈ বিনালে’ মুক্তিৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বহুচৰ্চিত ৰৈ ৰৈ বিনালে আজিয়ে চাম বুলি ভাবিছিলো ৷ কিন্ত মই চাবলৈ গ’লে ৰাইজৰ যথেষ্ট কষ্ট হ’ব কিয়নো মোৰ লগত যাব ২৬ দেহৰক্ষী ৷ সেয়েহে বন্ধুৰ স’তে জোনাকী ‘ত চাম ‘ৰৈ ৰৈ বিনালে৷
উল্লেখযোগ্য ২৫ নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ,কানাডা আৰু অষ্ট্ৰেলিয়া সহ ১০ দেশত মুক্তি পাব জুবিন গাৰ্গৰ মানস পুত্ৰ’ ৰৈ ৰৈ বিনালে।
মনকৰিবলগীয়া যে দক্ষিণ ভাৰতীয় কথাছবিৰ পীঠস্থান হিচাপে খ্যাত চেন্নাই আৰু কেৰালাৰ প্ৰায়বোৰ চিনেমা গৃহত আজি মুক্ত পায় ‘ৰৈ ৰৈ বিনালে ৷ উল্লেখ্য যে কথাছবি গৃহ কেইটা পূৰ্বে দেখুৱাই থকা দক্ষিণ ভাৰতীয় ছবিৰ দৰ্শনী বাতিল কৰিছে চিনেমা হল কেইটাৰ কৰ্তৃপক্ষই ৷
Exit mobile version