Incidents of moral policing: পুনৰ মৰেল পুলিচিঙৰ ঘটনা

গৰু চুৰিৰ সন্দেহত ৫ যুৱকক হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ

morel

Incidents of moral policing:

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ৷গৰু চুৰিৰ সন্দেহত সংঘটিত হয় মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা।
গৰু চুৰিৰ সন্দেহত পাঁচজন যুৱকক হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে একাংশ উন্মাদ লোকে। যুৱক কেইজন মৰণকাতৰ চিঞৰৰ বিপৰীতে দলবদ্ধভাৱে প্ৰহাৰ কৰি গৈছে উন্মাদ লোকসকলে ৷ ঘটনা স্থান বিজনীৰ দাৱাগুৰিত ৷ ইতিমধ্যে মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে ৷ সচেতন মহলে দলবদ্ধভাৱে প্ৰহাৰ কৰা লোক সকলক আটক কৰাৰ দাবী তুলিছে ৷ আইন হাতত তুলি লোৱাৰ অধিকাৰ ক’ত পালে বুলি সাজোৰে প্ৰশ্ন উদ্থাপন কৰিছে ৷
উল্লেখ্য যে ৰাজ্যত পূৰ্বতে সংঘটিত বহু কেইটা মৰেল পুলিচিঙৰ ঘটনাত প্ৰাণ গৈছিল বহু কেইজন সম্ভাৱনাময় যুৱকৰ ৷
Exit mobile version