Moran:
অসমৰ চুতীয়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ (ST) মৰ্যদা প্ৰদানৰ দাবীত মৰাণত বিশাল জনসভা আৰু প্ৰতিবাদী সমদল ৷ সদৌ চুতীয়া জাতি সন্মিলন আৰু চুতীয়া জনগোষ্ঠীৰ কেওটা ভাতৃ-ভগ্নী সংগঠনৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৷ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, নাজিৰাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক চুতীয়া জনগোষ্ঠীৰ লোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ৷
২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ চুতীয়া জাতিৰ বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ I চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ট্ৰাইবেল সংঘৰ ভূমিকাক কঠোৰ ভাষাৰে গৰিহণা চুতীয়া জনগোষ্ঠীয় সংগঠন সমূহৰ ৷
