Vikash Asom Arrested :অৱশেষত গ্রেপ্তাৰ বিকাশ অসমক 

বিকাশ অসমেও উপভোগ কৰিছিল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে, ছবিখন উপভোগ কৰাৰ কথা তেওঁ নিজে ৰাজহুৱা কৰিছিল সমাজিক মাধ্যমত

vikash 2

Vikash Asom Arrested :

বীৰ লাচিত সেনাৰ অপসাৰিত নেতা বিকাশ অসমৰ আত্মসমৰ্পণ ৷ দিছপুৰত থানাত আজি দুপৰীয়া সোঁশৰীৰে উপস্থিত হৈ আত্মসমৰ্পণ কৰে বিকাশ অসমে ৷ তাৰ পিছতে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক ৷
পলাতক অৱস্থাত আছিল বীৰ লাচিত সেনাৰ বহিস্কৃত নেতাজন ৷

উল্লেখ্য যে,মুখত ক’লা কাপোৰ বান্ধি উপভোগ কৰিছিল ৰৈ ৰৈ বিনালে ৷ চিনেমাখন উপভোগ কৰিয়েই ফেচবুকত দিছিল পোষ্ট ৷ তাৰ পাছতে নিজে দিছপুৰ থানালৈ লৈ আহি আত্মসমৰ্পণ কৰে আৰক্ষীয়ে বিকাশ অসমক ৷ বৰ্তমান তেওঁক ৰখা হৈছে দিছপুৰ থানাত ৷

আটকাধীন বিকাশ অসম বীৰ লাচিত সেনা অসমৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰিছিল । কিন্ত মহানগৰীৰ বৰবাৰীৰ বহুচৰ্চিত অপহৰণ কাণ্ড ঘটনাৰে জড়িত থকা আঠ অভিযুক্ত আটক কৰা হৈছিল। আটকাধীন আঠজনৰ ভিতৰৰ পাঁচজনেই আছিল বীৰ লাচিত সেনাৰ সদস্য ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল পাঁচখনকৈ ধন দাবী পত্ৰ ৷ পত্ৰ কেইখনত স্বাক্ষৰ আছিল বিকাশ অসমৰ ৷ যাৰবাবে তেতিয়াৰে পৰা আৰক্ষীয়ে বিচাৰি আছিল বিকাশক।

ইপিনে ,বৰবাৰীৰ অপহৰণ কাণ্ডৰে নাম সাঙোৰ খোৱা বিকাশ অসমক বীৰ লাচিত সেনাৰ মুখ্য সাংগাঠনিক সচিব শৃংখল চলিহাই শিৱসাগৰত এক সংবাদমেল অনুষ্ঠিত কৰি সংগঠনৰ সকলো বিষয়বাব সহ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰিছিল ৷

আনহাতে বৰবাৰীৰ অপহৰণ কাণ্ডৰ পিছতে অসম আৰক্ষী কঠোৰস্থিতি গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন সহ তিনিজন শীৰ্ষ নেতাক ৷একেদৰে ৰাজ্যজুৰি আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত ইতিমধ্যে ইজনৰ পিছত সিজনকৈ বীৰ লাচিত সেনাৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া গ্ৰেপ্তাৰ কৰিছে ৷

 

Exit mobile version