Zubeen garg Death Case :জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ডাঙৰ আপডেট

ছিংগাপুৰৰ পৰা আহিল জুবিন গাৰ্গৰ টক্সিক’ল’জী পৰীক্ষাৰ ৰিপ’ৰ্ট, ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে চিআইডিক

singa1

Zubeen garg Death Case :

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত কৰি থকা এছআইটিয়ে লাভ কৰিলে টক্সিক’ল’জী পৰীক্ষাৰ ৰিপ’ৰ্ট ৷ ছিংগাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰি সাগৰৰ বিভিন্ন নমুনা সংগ্ৰহ কৰাৰ লগতে জুবিনৰ পাৰ্থিৱ শৰীৰৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত কালি ছিংগাপুৰ আৰক্ষীয়ে চিআইডিক দাখিল কৰে টক্সিক’ল’জী পৰীক্ষাৰ ৰিপ’ৰ্ট ৷
উল্লেখ্য যে,বৃহস্পতিবাৰে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সদৰি কৰিছিল যে দুই – এদিনৰ ভিতৰতে এছআইটিয়ে লাভ কৰিব ছিংগাপুৰ আৰক্ষীৰ পৰা ভাল খবৰ ৷ অৱশেষত এছআইটি মুৰব্বী গৰাকীয়ে কোৱাৰ দৰেই কালি ছিংগাপুৰ আৰক্ষীৰ পৰা লাভ কৰে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট।
হয়তো এই ৰিপৰ্টেই হয়তো বহু প্ৰশ্নৰ উত্তৰ নিহিত হৈ আছে ৷ যাৰ আঁত ধৰি মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ক’বলৈ আৰম্ভ কৰিছে জুবিন সন্দৰ্ভত অসমৰ ৰাইজে জানিব পাৰিব সাংঘাতিক খবৰ ৷
একেদৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল ১৭ ডিচেম্বৰত এছ আইটিয়ে আদালতত দাখিল কৰিব জুবিন মৃত্যু গোচৰৰ শক্তিশালী চাৰ্জশ্বীট ৷ অহা ১৫ ডিচেম্বৰত প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় লাভ কৰিব। জুবিনক হত্যাৰ গোচৰটোৰ তদন্ত সন্দৰ্ভত কালি গুৱাহাটীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত উক্ত সময়সীমা ঘোষণা কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ১৭ডিচেম্বৰত সকলো তথ্য ৰাইজৰ সম্মুখলৈ অনা হ’ব।
তাৎপর্যপূর্ণভাৱে মুখ্যমন্ত্রীয়ে স্পষ্ট ইংগিত দিয়ে যে জুবিন গাৰ্গ হত্যাৰ বলি হৈছিল; কিয়নো মুখ্যমন্ত্রীয়ে কালি কয় যে শিল্পীগৰাকীক হত্যা কৰা বুলি তেওঁ প্রথমেই মন্তব্য কৰিছিল। শুকুৰবাৰে মুখ্যমন্ত্রীয়ে কয় যে তেওঁ এনেয়ে সেই কথা কোৱা নাছিল। জুবিন গাৰ্গক সম্পূর্ণ ন্যায় দিবলৈ সক্ষম হ’ব বুলি এছআইটি সম্পূর্ণ আত্মবিশ্বাসী হৈ আছে বুলি শর্মাই মন্তব্য কৰে। এছআইটিয়ে গৃহমন্ত্রী হিচাপে তেওঁক যি কথা সময়ে সময়ে অৱগত কৰি আহিছে, তাৰ ভিত্তিতে এনেবোৰ বক্তব্য কালি আগবঢ়োৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে I
Exit mobile version