বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আৰু নাই । পুৱা ছয় বাজি ১৫ মিনিটত চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাই।
ADVERTISEMENT
৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই।
গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।






























