Nagaon:
নগাঁৱত সংগোপনে অব্যাহত থকা মানৱ অংগৰ সৰবৰাহকাৰী চক্র এটাক উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ নগাঁও চহৰৰ পাশ্বৱৰ্তী হুজ কৈৱৰ্ত গাঁৱত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই তিনি বৃক্কৰ দালালক গ্ৰেপ্তাৰ কৰে ৷ ধৃত দালাল কেইটা হ’ল ধৰণী দাস, মহেন্দ্ৰ দাস আৰু বগামূলা ওৰফে দীপ দাস ৷ তিনি ধৃতই আৰক্ষীৰ জেৰাত সদৰি কৰা মতে বহুদিন ধৰি তেওঁলোকে কলকাতালৈ বৃক্ক সৰবৰাহ কৰি আহিছিল । এই চক্ৰটোৰ কলকাতা সহ আন বহি:ৰাজ্যলৈ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল ৷আনহাতে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ।
ADVERTISEMENT




































