দিনটোৰ ৰাশিফল

horoscope new 2

Daily horoscope:✒️মেষ: কর্মক্ষেত্রত ভ্রমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ। বিদ্যাত শুভ। পাতল নীলা কাপোৰ পৰিধান কৰিব দিনতো শুভ হ’ব। শুভ সংখ্যা ৪।

বৃষ: মাটি সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেঁচা বাঢ়িব। প্রেমত খেলি-মেলি হ’ব পাৰে। নীলা ৰং শুভ। শুভ সংখ্যা ৬।

মিথুন: কামত দায়িত্ব আগতকৈ অলপ বাঢ়িব। নতুন কৰ্মৰ বাবে দূৰ ঠাই ভ্ৰমণ কৰিব পাৰিব। সামাজিক আৰু ৰাজনীতিকসকলৰ বাবে শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কর্কট: অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব পাৰিব। ভবাতকৈ অধিক ধনৰ আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভসংখ্যা ২।

সিংহ: আর্থিকত ভালেই দেখা যায়। ভ্রমণ কৰিব পাৰে। পুৰণা মামলা মোকৰৰ্দমা পৰা মুক্ত হ’ব। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা: হেৰুৱা সম্পত্তি পুনৰ প্ৰাপ্তিৰ হ’ব পাৰে। বিদ্যাত শুভ। আর্থিকত শুভ শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং পাতল সেউজীয়া। শুভসংখ্যা ২।

তুলা: বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্ৰ পৰিধান কৰক কাৰ্যত কৃতাৰ্থ হ’ব। শুভসংখ্যা ৭।

বৃশ্চিক: সমাজসেৱীসকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

ধনুঃ শৰীৰৰ প্ৰতি যত্ন লোৱা দৰকাৰ। নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান প্ৰাপ্তিৰ যোগ। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

মকৰ: কৰ্মত শুভ। নিজৰ মান-সম্মান বচায় কাম কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং কমলা। শুভ সংখ্যা ৮। কুম্ভ: ৰাজনীতিক আৰু সমাজকৰ্মীসকলৰ বাবে শুভ। কর্মত মধ্যমীয়া ফল পাব। প্রেমত শুভ। পাতল সেউজীয়া ৰং শুভ। শুভ সংখ্যা ৩।

মীন: আর্থিক ব্যয়-বৃদ্ধি পাব। কর্মক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

Exit mobile version