Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: নিজকে যোগ্য ব্যক্তিৰূপে পৰিগণিত হ’ব। পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। শিল্প কলা, ভাস্কর্য আদিত দক্ষতা বৃদ্ধি। শুভ ৰং কমলা, শুভসংখ্যা ৩।
বৃষ: নিজৰ বৃদ্ধি মতে কাম কৰি সফল হ’ব। কোনো কাৰণত ভীতিগ্রস্ত নহ’ব। বিলাসিতা কম কৰক। শত্রু কমিব। কৰ্মত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
মিথুন: মন্দিৰ দৰ্শনত শুভ ফল পাব। ব্যক্তিত্ব প্রকাশ পাব। পুৰণি কেছ-মোকদমাই মনত কষ্ট দিব। শুভ ৰং কমলা, শুভ সংখ্যা ৭।
কর্কট: কর্মক্ষেত্রত উৎসাহ বৃদ্ধি পাব। জ্ঞানী লোকৰ দৰ্শনে অধিক আনন্দিত দিব। উদ্যোগ, ব্যৱাসায়ীৰ লগত জড়িত ব্যক্তিৰ শুভ। শুভৰং বেঙুনীয়া, শুভ সংখ্যা ৪।
সিংহ: কর্মত বলিষ্ঠ চিন্তা বৃদ্ধি। শান্তি উদাৰ মনোবলে অধিক উৎসাহিত কৰিব। নতুন কর্ম সংস্থাপনৰ যোগ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২।
কন্যা: গুৰুৰ প্ৰভাৱত দার্শনিক, পুৰোহিত, গৱেষকৰ উন্নতিৰ যোগ। মনত দুঃচিন্তা নামিব অযথা ক্ষতি হ’ব পাৰে। ব্যয় বৃদ্ধি। শুভ বং গুলপীয়া, শুভ সংখ্যা ১।
তুলা: যিকোনো কামতেই পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬।
বৃশ্চিক: কর্মস্থানত মধ্যম। দূৰদৰ্শী চিন্তাত ব্রতী হ’ব। কাকো সমালোচনা নকৰিব। আর্থিক দিশত অযথা ব্যয় নকৰিব। শুভ ৰং সেউজীয়া, শুভসংখ্যা ৮।
ধনু: অর্থ লাভৰ যোগ। প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পাব। ভ্রমণত শুভ। বন্ধৰ প্ৰভাৱে অধিক আনন্দিত কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
মকৰ: আদর্শবাদী স্নেহ পৰায়ণ হ’ব পাৰিব। ব্যৱসায়ত প্ৰচুৰ লাভদায়ক হ’ব পাৰিব। যান বাহনৰ অধিপতি হ’ব পাৰিব। শুভ ৰং সোণালী, শুভসংখ্যা ৮।
কুম্ভ: সামাজিক স্থিতি উন্নত হ’ব। পুৰণি বিষে কষ্ট দিব পাৰে। হনুমান চালিচা পাঠ কৰক। সংকট মুক্ত হ’ব। শুভ ৰং আকাশী। শুভ সংখ্যা ২।
মীন: হতাশা আঁতৰিব। যশস্বী গুণৰ অধিকাৰী হ’ব। কৰ্মত ব্যস্ততা বাঢ়িব। সময় অপচয় নকৰিব। বন্ধুবৰ্গৰ পৰা আঁতৰত থাকক। শুভ ৰং সোণালী, শুভ সংখ্যা ৩।
































