Rupahihat Murder:
নগাঁৱৰ ৰূপহীহাটৰ জ্যোতি নগৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড। স্বামীৰ চোকা জাতীয় চোকা অস্ত্ৰৰ ঘাপত প্ৰাণ গল পত্নীৰ।
প্ৰাপ্ত খবৰ অনুসৰি ৰূপহীহাটৰ জ্যোতি নগৰৰ বাসিন্দা ৰফিকুল ইছলাম আৰু পত্নী ছমিৰণ নেছাৰ মাজত নিশাৰে পৰা চলি আছিল বাকবিতণ্ডা। কিন্ত এই কাজিয়াই পৰৱৰ্তী সময়ত লয় ভয়ংকৰ ৰূপ। ৰফিকুল ইছলামে খঙৰ ভমকত পত্নী ছমিৰণ নেছাক চোকা জাতীয় অস্ত্ৰৰ উপযুপৰি ঘপিয়াই পলায়ন কৰে ৷ পিছত প্ৰতিবেশী লোকে তেজেৰে তুমৰলি হৈ পৰি থকা মহিলা গৰাকীক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আনহাতে ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে ঘাতক ৰফিকুল ইছলামৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে দম্পতীহাল উৰীয়ামঘাটৰ উচ্ছেদিত পৰিয়াল। তিনিমাহৰ পৰা ৰূপহীৰ জ্যোতি নগৰত ভাড়া ঘৰত বসবাস কৰি আছিল ৷
