Elon Musk:✒️অচিৰে আন এক অভিলেখ স্থাপন কৰিব মার্কিন অর্বুদপতি এলন মাস্কে। বৈদ্যুতিক গাড়ী নির্মাতা টেছলাৰ মুৰব্বীজন বিশ্বৰ প্রথমজন লক্ষকোটি বেতনভোগীত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বর্তমানে টেছলাৰ মুখ্য কার্যবাহী বিষয়াৰূপে কার্যনির্বাহ কৰি থকা মাস্কৰ এনেদৰে দৰমহা বৃদ্ধিত প্রতিষ্ঠানটোৰ অংশীদাৰসকলে অনুমোদন জনাইছে।
সম্প্ৰতি টেছলাৰ শ্বেয়াৰত বিনিয়োগকাৰীসকলৰ বার্ষিক সভা অনুষ্ঠিত হয়। এই সভাত মাস্কৰ দৰমহা লক্ষকোটি ডলাৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন হয়। এই প্রস্তাৱক লৈ ভোটদান হয়। অংশীদাৰসকলৰ ৭৫ শতাংশই প্ৰস্তাৱটোৰ সপক্ষে ভোটদান কৰে।গতিকে টেছলা প্ৰতিষ্ঠানৰ মুৰব্বীজনৰ বেতন লক্ষকোটি ডলাৰত পৰিণত হোৱাৰ পথ প্রশস্ত হয়।
উল্লেখ্য যে ভোটযুদ্ধত প্রস্তাৱটো গৃহীত হোৱাৰ পাছত সভাত মাস্কক সমর্থন জনোৱাসকলে জয়ধ্বনি দিয়ে। এইসকলৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে অর্বুদপতিজনে। ইপিনে, সূত্রই প্রকাশ কৰা অনুসৰি শ্বেয়াৰ বিনিয়োগকাৰীসকলৰ উক্ত সভাৰ সিদ্ধান্ত অনুসৰি আগন্তুক ১০ বছৰৰ বাবে ৪২ কোটি ৩৭ লাখ শ্বেয়াৰ মাস্কৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত গৃহীত হয়।
এই সময়সীমাৰ ভিতৰত টেছলাৰ বজাৰমূল্য ৮.৫ লক্ষকোটি ডলাৰ হোৱাৰ সম্ভাৱনা প্রবল। সেই অনুসৰি প্ৰতিষ্ঠানটোৰ মুৰব্বী মাস্কৰ হাতলৈ এক লক্ষকোটি ডলাৰৰ অংশ যাব। আনহাতে, উক্ত লক্ষ্যত উপনীত হ’লে টেছলাৰ শ্বেয়াৰৰ দাম ৪৬৬ শতাংশ বৃদ্ধি পাব। উল্লেখ্য যে বর্তমানে বজাৰমূল্যৰ হিচাপত বিশ্বৰ বৃহত্তম প্রতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে আন এটা মার্কিন প্রতিষ্ঠান এনভিডিয়াই। কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰ বাবে বিখ্যাত এনভিডিয়াৰ বর্তমানে সম্পত্তিৰ মূল্য হৈছে পাঁচ লাখ কোটি ডলাৰ।
অৱশ্যে একাংশ বিশ্লেষকৰ মতে আগন্তুক পাঁচ বছৰত টেছলাই এনভিডিয়াক অতিক্ৰম কৰিব। সূত্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি টেছলা প্রতিষ্ঠানৰ অংশীদাৰসকলৰ সভাৰ পূৰ্বে প্রতিষ্ঠানটোৰ পৰিচালনা গোষ্ঠীয়ে অংশীদাৰসকলক সতৰ্ক কৰি দিয়ে। প্রতিষ্ঠানটোৰ পৰিচালনা গোষ্ঠীয়ে আশংকা কৰে যে মাস্কে টেছলা ত্যাগ কৰিলে প্রতিষ্ঠানটো তিষ্ঠি থকাৰ ক্ষেত্ৰত প্ৰচণ্ড প্রত্যাহ্বানৰ সন্মুখীন হ’ব। গতিকে মাস্কৰ বেতন এনে অকল্পনীয় সংখ্যালৈ বৃদ্ধি কৰাত অংশীদাৰসকলে সমর্থন জনায়।






























