Gujarat:✒️দশকৰ পাছত দশক ধৰি বেংকৰ ঋণত ৰ্জৰিত হৈ আছিল এখন গাঁৱৰ সকলো কৃষক। অধিকাংশ দিনেই তেওঁলোকৰ হতাশা আৰু উৎকণ্ঠাত অতিবাহিত হৈছিল।
এনে পৰিস্থিতিত সাক্ষাৎ ‘দেবদূত’ হৈ তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল এজন যুৱক। গাঁৱৰ সকলো কৃষকৰ ঋণ পৰিশোধৰ দায়িত্ব তেওঁ অকলে নিজৰ কান্ধত লয়। যুৱকজনৰ এই মহৎ কাৰ্যৰ পদক্ষেপৰ ফলতে আঁতৰি গ’ল প্রায় সমগ্ৰ গাঁৱৰ ওপৰত থকা আশংকাৰ কলীয়া ডাৱৰ।
প্ৰাপ্ত তথ্য অনুসৰি, সেই মহান হৃদয়ৰ যুৱকজনে গাঁওখনৰ ২৯০ জন কৃষকৰ মুঠ ৯০ লাখ টকাৰ বেংকৰ ঋণ পৰিশোধ কৰিছে।
বাবুভাই জিৰাৱালা নামৰ সেই যুৱকজন গুজৰাটৰ আমৰেলি জিলাৰ জিৰা গাঁৱৰ বাসিন্দা।সম্প্ৰতি নিজৰ মাতৃৰ মৃত্যু বার্ষিকীত তেওঁ এই মহৎ পদক্ষেপ হাতত লয়।
স্থানীয় সূত্রই জনোৱা মতে, ১৯৯৫ৰ পৰা ঋণৰ ভৰত কঁকাল বেকা হৈ পৰিছিল সেই গাঁওখনৰ কৃষকসকল। সেই সময়ত গাঁৱৰ কো-অপাৰেটিভক কেন্দ্ৰ কৰি ডাঙৰ বিতৰ্ক হৈছিল।
গাঁওখনৰ তৎকালীন কর্তৃপক্ষই কৃষকসকলৰ নামত প্ৰচুৰ ভুৱা ঋণ লৈছিল। বছৰৰ পাছত বছৰ ধৰি সেই ঋণৰ পৰিমাণ বাঢ়ি গৈ থাকে।
ইয়াৰ ফলত সেই কৃষকসকল চৰকাৰী আঁচনি, সাহায্য আৰু বেংকৰ পৰা নতুন ঋণ লোৱাৰ পৰাও বঞ্চিত হয়।
এনে পৰিস্থিতিত সেই কৃষকসকলৰ জীৱন দুর্বিসহ হৈ পৰিছিল। জিৰাৱালাই কয়, ‘মোৰ মা যেতিয়া জীৱিত আছিল,তেতিয়া তেওঁ নিজৰ গহনা বিক্ৰী কৰি কৃষকসকলৰ ঋণ পৰিশোধ কৰিব বিচাৰিছিল।
তেওঁৰ সেই স্বপ্ন পূৰণৰ বাবেই মই আৰু মোৰ ভ্ৰাতৃয়ে এই পদক্ষেপ লওঁ। বেংক বিষয়াসকলক সাক্ষাৎ কৰি ঋণ পৰিশোধৰ ইচ্ছা প্রকাশ কৰো। বেংকে আমাক সহযোগিতা কৰে। সকলো কৃষকে তেওঁলোকৰ ঋণমুক্তিৰ প্ৰমাণপত্ৰ লাভ কৰিছে।’






























