দিনটোৰ ৰাশিফল

horoscope new

Daily Horoscope:✒️মেষ: কর্মক্ষেত্রত ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ। বিদ্যাত শুভ। পাতল নীলা কাপোৰ পৰিধান কৰিব দিনতো শুভ হ’ব। শুভ সংখ্যা ৪।

বৃষ: মাটি সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কৰ্মস্থানত কামৰ হেঁচা বাঢ়িব। প্রেমত খেলি-মেলি হ’ব পাৰে। নীলা ৰং শুভ। শুভ সংখ্যা ৬।

মিথুন: কামত দায়িত্ব আগতকৈ অলপ বাঢ়িব। নতুন কৰ্মৰ বাবে দূৰ ঠাই ভ্ৰমণ কৰিব পাৰিব। সামাজিক আৰু ৰাজনীতিকসকলৰ বাবে শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

কর্কট: অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব পাৰিব। ভবাতকৈ অধিক ধনৰ আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভসংখ্যা ২।

সিংহ: আর্থিকত ভালেই দেখা যায়। ভ্রমণ কৰিব পাৰে। পুৰণা মামলা মোকদমাৰ পৰা মুক্ত হ’ব। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

কন্যা: হেৰুৱা সম্পত্তি পুনৰ প্ৰাপ্তিৰ হ’ব পাৰে। বিদ্যাত শুভ। আর্থিকত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং পাতল সেউজীয়া। শুভসংখ্যা ২।

তুলা: বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্ৰ পৰিধান কৰক কাৰ্যত কৃতাৰ্থ হ’ব। শুভসংখ্যা ৭।

বৃশ্চিক: সমাজসেৱীসকল অলপ সতর্ক হৈ থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

ধনু: শৰীৰৰ প্ৰতি যত্ন লোৱা দৰকাৰ। নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান প্ৰাপ্তিৰ যোগ। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।

মকৰ: কৰ্মত শুভ। নিজৰ মান-সম্মান বচায় কাম কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

কুম্ভ: ৰাজনীতিক আৰু সমাজকৰ্মীসকলৰ বাবে শুভ। কর্মত মধ্যমীয়া ফল পাব। প্রেমত শুভ। পাতল সেউজীয়া ৰং শুভ। শুভ সংখ্যা ৩।

মীন: আর্থিক ব্যয়-বৃদ্ধি পাব। কর্মক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো সিমান ভালে যোৱা টান। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

Exit mobile version