Air Show:✒️হেলিকপ্টাৰৰ পৰা আৰম্ভ কৰি অত্যাধুনিক যুদ্ধবিমান আৰু পৰিবহণ বিমানলৈ- ভাৰতীয় বায়ুসেনাৰ বিমানে দেওবাৰে গুৱাহাটীৰ আকাশত অভূতপূর্ব দৃষ্টিনন্দন প্রদর্শনীৰ সৃষ্টি কৰে। ব্ৰিটিছ শাসনত ১৯৩২ৰ আঠ অক্টোবৰত স্থাপিত ভাৰতীয় বায়ুসেনাৰ ৯৩ সংখ্যক বর্ষপূর্তি উপলক্ষে দেওবাৰে মহানগৰীৰ লাচিত ঘাটত বায়ু সেনাবাহিনীয়ে আকাশমাৰ্গত প্রদর্শনী (এয়াৰ শ্ব’)ৰ আয়োজন কৰে।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় বায়ু সেনাবাহিনীৰ মুৰব্বী বিষয়া এয়াৰ চীফ মার্শ্বেল এ পি সিং, ইষ্টার্ণ এয়াৰ কমাণ্ডাৰ মুৰব্বী সুৰৎ সিং আদিৰ অংশগ্ৰহণৰে আয়োজিত এই অনুষ্ঠানত পূর্বে ঘোষিত অনুসৰি বায়ু সেনাবাহিনীয়ে বিভিন্ন শ্ৰেণীৰ আকাশীযানৰ উৰণ প্ৰদৰ্শন কৰে। এনেদৰে দেশৰ সামৰিক তথা বায়ু সেনাবাহিনীৰ শক্তি প্রদর্শন কৰি অত্যাধুনিক প্রযুক্তিৰ তেজাছ হেলিকপ্টাৰৰ পৰা আৰম্ভ কৰি লঘু যুদ্ধ হেলিকপ্টাৰ প্ৰচণ্ড, চি-২৯৫ আৰু হ’ক হেলিকপ্টাৰ তথা যুদ্ধবিমান আৰু পৰিবহণ বিমানৰ উৰণ প্ৰদৰ্শন কৰে।
এই এয়াৰ শ্ব’ত হার্ভার্ড, ছুখই-৩০ আৰু ৰাফেল যুদ্ধবিমানে দর্শকসকলক মন্ত্রমুগ্ধ কৰি ৰাখে। এই যুদ্ধবিমানসমূহে কম উচ্চতাত উৰণ প্ৰদৰ্শন কৰে। এই প্রদর্শনী দৃষ্টিনন্দন কৰি তোলে সূর্যকিৰণ এৰ’বেটিক্স টীম আৰু সাৰাংগ হেলিকপ্টাৰ প্রদর্শনী গোটে। এই প্রদর্শনী এনে দৃষ্টিনন্দন হয় যে ইয়ে দর্শকসকলৰ মনত মচিব নোৱাৰা এক সাঁচ বহুৱায়। আয়োজকে পূর্বে জনোৱা আহ্বান অনুসৰি আজি পুৱাৰ পৰা এই প্রদর্শনী উপভোগ কৰিবলৈ অগণন লোকে উথস্থপ্ লগায়। শিশুৰ পৰা বয়স্কলৈ-অগণন লোকে ভিৰ কৰে প্ৰদৰ্শনীস্থলীত। বন্ধ বাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত দৰ্শকৰ সংখ্যা বৃদ্ধি পায়।
অৱশেষত উৎসুক জনতাক আলোড়িত কৰি বায়ু সেনাবাহিনীয়ে এই বহু প্রত্যাশিত প্রদর্শনী আৰম্ভ কৰে। একেলগে হেলিকপ্টাৰ আৰু যুদ্ধবিমান উৰণৰ সাক্ষী হৈ ৰয় ৰাইজ। বহুতে অট্টালিকাৰ ছাদত উঠিও এই চিত্তাকর্ষক দর্শনী উপভোগ কৰে। প্ৰচণ্ড শব্দ সৃষ্টি কৰা যুদ্ধবিমান, হেলিকপ্টাৰ আৰু পৰিবহণ বিমানে আকাশত একোডাল ৰেখাৰ সৃষ্টি কৰে।
এই অনুষ্ঠানৰ জৰিয়তে বায়ু সেনাবাহিনীয়ে যোৱা মে’ৰ অপাৰেছন সিন্দুৰৰ বীৰত্বকো সোঁৱৰণ কৰে। পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠনৰ একপ্ৰকাৰ ৰাজহাড় ভাঙি পেলোৱা কার্য সোঁৱৰণ কৰে বায়ু সেনাবাহিনীয়ে। ভাৰতীয় বায়ু সেনাবাহিনীয়ে এইবাৰৰ প্ৰতিষ্ঠা দিৱস ‘নির্ভুল, অভেদ্য আৰু সঠিক’ এই মূল মন্ত্ৰৰে পালন কৰে। দেওবাৰে এই এয়াৰ শ্ব’ৰ জৰিয়তেও এই মূল মন্ত্ৰৰ প্ৰতিফলন ঘটে। এই এয়াৰ শ্ব’ত সহযোগ কৰে ভাৰতীয় সেনায়ো।
এই অনুষ্ঠানৰ আয়োজনে দর্শকসকলৰ বিশেষকৈ উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ মনত সাহস আৰু নিয়মানুবর্তিতাৰ ভাব গঢ়ি তুলিছে বুলি আয়োজকে প্রকাশ কৰিছে। বায়ু সেনাবাহিনীৰ পুৰুষ আৰু মহিলা বিষয়া-কর্মচাৰীসকলে মসৃণ সহযোগিতাৰে এই অনুষ্ঠানৰ আয়োজন কৰি যুৱ দৰ্শকসকলৰ মনত এক গৌৰৱ আৰু অনুপ্ৰেৰণাৰ বীজো ৰোপণ কৰিলে। ইয়াৰ জৰিয়তে বায়ু সেনাবাহিনীত যোগদান কৰি ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াবলৈ উত্তৰ-পূবৰ যুৱক-যুৱতীসকল আগবাঢ়ি আহিব বুলিও আশা কৰা হৈছে।
গুৱাহাটীত ব্যাপক যান-জটৰ সৃষ্টি
আজি ভাৰতীয় বায়ু সেনাবাহিনীৰ ‘এয়াৰ শ্ব’ দৰ্শন কৰিবলৈ অগণন লোকে ভিৰ কৰা সমগ্র গুৱাহাটীত প্রচণ্ড যান-জটৰ সৃষ্টি হয়। যানবাহন আৰক্ষীয়ে কেতবোৰ পথ নিদের্শনা জাৰি কৰে যদিও কাৰ্য ক্ষেত্ৰত যান-জট নিয়ন্ত্রণত ব্যর্থ হয়। ফলত মহানগৰীৰ মূল পথসমূহত পুৱাৰে পৰা গোটেই দিন প্রচণ্ড যান-জটৰ সৃষ্টি হয়। পথত ঘণ্টাৰ পাছত ঘণ্টা ধৰি অনেক লোক আবদ্ধ হৈ থাকিবলগীয়া হয়। ক্ষুব্ধ ৰাইজে এনে পৰিস্থিতিৰ বাবে যানবাহন আৰক্ষীক জগৰীয়া কৰিছে।






























