গৰমৰ তুলনাত শীতকালত পানী কমাই পান কৰা হয়। ফলত ছালৰ আৰ্দ্ৰতা হায় পায় আৰু ছাল কক্ষ হৈ পৰে।
ইয়াৰ উপৰি অত্যধিক পৰিমাণে চাহ-কফি-মদ আদি পান কৰিলে শৰীৰৰ পৰা বেছি পানী বাহিৰ ওলাই যোৱাৰ বাবে ছাল শুকান হ’বলৈ ধৰে। ছালৰ আর্দ্রতাও বেছিকৈ কমে। কোনো ক্রিম নাসানিলে ছালৰ খজুৱটিও আৰম্ভ হয়।
তাৰ লগতে খোৱাৰ নিয়ম, গা ধোৱাৰ নিয়ম, প্রসাধন সামগ্ৰী আৰু ঔষধ-পাতিৰ ব্যৱহাৰ ভালদৰে নামানিলেই বিপদ বাঢ়ে। কিন্তু এই সমস্যাৰ পৰা মুক্তি পাব কিদৰে?
⇨ শীতকালত চিছ-পকোৰা আদি জনপ্রিয় খাদ্য। যাৰ ফলত সুষম খাদ্যৰ প্রতি কাৰো আগ্রহ নাথাকে। সেই বাবেই ছালৰ আৰ্দ্ৰতাও কমিবলৈ ধৰে। ভালদৰে যত্ন নল’লে খজুৱটি বাঢ়ি যাব পাৰে। সমস্যা কমাবলৈ ভজা খাদ্য কমাই খাব।
বেছিকৈ খাব এন্টিঅক্সিডেন্ট আৰু প্রাকৃতিক চর্বিসমৃদ্ধ খাদ্য। যেনে- মৌচুমী, আপেল,
আখৰোট, এমণ্ড, এভ’কেডো। অলিভ অইলত ৰন্ধা পাচলি বা ছালাদ খাব। তৈলাক্ত মাছ, হালধীয়া-কমলা-গাঢ় সেউজীয়া ৰঙৰ শাক-পাচলি অত্যধিক পৰিমাণে খাব। তৰল খাদ্যও বেছিকৈ খাব। যেনে-আঠ-১০ গিলাচ পানী, ছ্যুপ, ফলৰ ৰস, গাখীৰ আদি।
⇨ ঊণ বা গৰম কাপোৰৰ বাবে খজুৱটি বাঢ়িলে সূতাৰ পোছাকৰ ওপৰত গৰম পোছাক পিন্ধিব। ছালৰ বাবে মৃদু চাবোন নিৰাপদ। সুগন্ধিৰ বাবে এলার্জি থাকিলে মৃদু গোন্ধৰ বা গন্ধহীন চাবোন সানিব।
⇨ গা ধোৱাৰ পাছত তিতা গাত গোন্ধহীন নাৰিকলৰ তেল সানিব। তাৰ পাছত এমগ পানী ঢালি নৰম টাৱেলেৰে লাহে লাহে মচি দিব। ইয়াৰ দ্বাৰা ছালৰ আর্দ্রতা দীর্ঘ সময়লৈ থাকিব। ফলত খজুৱটিও কম হ’ব। মঈশ্বাৰাইজাৰো সানিব পাৰে।
⇨ গা ধোৱাৰ পাছত অলপ তিতা গাত লোছন সানিলে ছালৰ গভীৰলৈ যোৱা পানীৰ ওপৰত প্ৰতিৰোধক আবৰণ সৃষ্টি কৰি আর্দ্রতা বহু সময়লৈ অটুট ৰাখে। তৈলাক্ত ছালত মৃদু গোন্ধৰ জেল জাতীয় লোছন ব্যৱহাৰ কৰিব। ছাল শুকান প্ৰকৃতিৰ হ’লে ক্রিম জাতীয় লোছন সানিব
⇨ শীতকালত সততে বহুতেই ঠাণ্ডা পানীৰে গা নোধোৱে। গৰম পানীৰে গা ধোৱাৰ ফলত ছাল বেছিকৈ শুকাই যায়। সেয়ে মধ্যম পন্থা গ্রহণ কৰিব।
⇨ দীর্ঘ সময়ৰ স্নানৰ আৰাম ল’ব বিচাৰিলে গৰম পানী ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰা ৰক্ত সঞ্চালন বাঢ়ি ছালৰ স্বাস্থ্যও বহু ভালে ৰাখে। তাৰ পাছত তিতা গাতে তেল বা ক্রিম সানিলে খজুৱটি কমে।
এনে সমস্যা ৰোধ কৰিবলৈ কেতিয়াবা শীতৰ আৰম্ভণিৰে পৰা অ’মেগা থ্রী ফেটি এচিড আৰু বিটা কেৰ’টিন ছাপ্লিমেন্ট সেৱন কৰিলেও উপকাৰ পোৱা যায়।






























