Guwahati:মহানগৰীত কণ্ঠশিল্পী সমাজৰ সংবাদমেল

১৯ নৱেম্বৰত চানমাৰি ফিল্ডত বিশেষ অনুষ্ঠান, ‘জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’ শীৰ্ষ অনুষ্ঠান, সংবাদমেলত সদৰি জ্যেষ্ঠ কন্ঠশিল্পী অনুপম শইকীয়া

zz 1

Guwahati:

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কণ্ঠশিল্পী সমাজৰ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কন্ঠশিল্পী অনুপম শইকীয়াই কয় যে, ১৯ নৱেম্বৰত মহানগৰীৰ চানমাৰি ফিল্ডত ‘জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

এই ব্যতিক্ৰমী অনুষ্ঠানতে ৰাজ্যৰ নবীন-প্ৰবীণ প্ৰায় দুই শতাধিক কণ্ঠশিল্পীয়ে একেলগে পৰিৱেশন কৰিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৪০টাকৈ কালজয়ী গীত ৷ উল্লিখিত দিনা সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে কণ্ঠশিল্পী সমাজে ৷ সংবাদমেলত বনাৰ্লী কলিতা সহ কে’বা গৰাকী কণ্ঠ শিল্পী উপস্থিত থাকে ৷

Exit mobile version