Udalguri:
জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয়ে উজনি আৰু নামনি অসমত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ মাজতে সোমবাৰে সদৌ চাওঁতাল ছাত্ৰ সন্থাই ওদালগুৰিত উলিয়ালে এক বৃহৎ প্ৰতিবাদী সমদল ৷
প্ৰতিবাদী সমদলত অংশ লোৱা সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃবৰ্গই কয়, দুশ বছৰৰো অধিক দিন অসমত বসবাস কৰি চাহ উদ্যোগলৈ অশেষ বৰঙনি আগবঢ়াই অহাৰ পিছতো অবহেলিত হৈ আহিছে শ্ৰমজীৱী চাওঁতাল জনগোষ্ঠীয়ে ৷ ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে জনগোষ্ঠীটোক ৷ আনহাতে জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা চাওঁতাল সকলক চাহ জনজাতি বুলি পৰিগণিত নকৰি জাতিগত প্ৰমাণপত্ৰত চাওঁতাল হিচাপে দিয়াৰ দাবী কৰে চাওঁতাল ছাত্ৰ সন্থাই ৷
এনেক্ষেত্ৰত চাওঁতাল সকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা চৰকাৰে যদি বঞ্চিত কৰে তেন্তে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব বুলি হুংকাৰ কৰি সন্মুখৰ পৰা যুদ্ধ কৰাৰ অংগীকাৰ কৰে ৷ চৰকাৰে অচিৰেই জনগোষ্ঠীটোক জনজাতিকৰণ আৰু ভূমিৰ অধিকাৰ দিয়াৰ দাবী কৰে চাওঁতাল ছাত্ৰ সন্থাৰ নেতা কেইজনে ৷
