Curd:✒️বহুতে ভাবে যে গৰমৰ দিনত টেঙা দৈ খালে উপকাৰ পোৱা যায়। সেইদৰে ঠাণ্ডা লগাৰ ভয়ত বহুতে শীতকালত টেঙা দৈ নাখায়। কিন্তু বহুতেই হয়তো নাজানে যে টেঙা দৈৰ উপকাৰিতা গৰম-ঠাণ্ডা উভয়তে সমান।
শীতকালতো টেঙা দৈৰ পৰা যথেষ্ট উপকাৰ পোৱা যায়। টেঙা দৈয়ে শীতত শৰীৰ ঠাণ্ডা আৰু সতেজ কৰি ৰাখে। আয়ুৰ্বেদৰ মতে, শীতত টেঙা দৈ খালে চর্দি-কাহ বাঢ়ে। কিন্তু পুষ্টি বিজ্ঞানে দাবী কৰিছে যে টেঙা দৈত থকা ভিটামিন ‘চি’ৰ বাবে শীতৰ ৰোগ, চর্দি-কাহ কমে।
টেঙা দৈত প্ৰচুৰ কেলছিয়াম আছে। ভাল বেক্টেৰিয়া আৰু প্ৰ’টিনো ভৰপূৰ আছে। লগতে আছে ভিটামিন ‘৬’ আৰু ‘১২’, মেগনেছিয়াম, পটাছিয়াম, ৰাইব্ল’ফেবিন, যিবোৰে শৰীৰ সুস্থ ৰাখে।
পুষ্টিবিজ্ঞানৰ মতে, টেঙা দৈৰ ভাল বেক্টেৰিয়াই শীতৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ভিটামিনে শৰীৰক পুষ্ট কৰে। প্ৰ’টিনে ধৰি ৰাখে শাৰীৰিক উষ্ণতা। কেলছিয়ামে হাড়-দাঁত সবল কৰে। সেয়ে শীততো মন ভৰাই টেঙা দৈ খাবলৈ পৰামৰ্শ দিছে পুষ্টিবিজ্ঞানীয়ে।
