ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Image AW Website %E0%B9%84%E0%B8%82%E0%B8%A1%E0%B8%B1%E0%B8%99%E0%B8%9E%E0%B8%AD%E0%B8%81%E0%B8%95%E0%B8%B1%E0%B8%9A %E0%B8%81%E0%B8%A5%E0%B8%B8%E0%B9%88%E0%B8%A1%E0%B9%82%E0%B8%A3%E0%B8%84%E0%B8%81%E0%B8%B4%E0%B8%99%E0%B8%94%E0%B8%B5%E0%B8%AD%E0%B8%A2%E0%B8%B9%E0%B9%88%E0%B8%94%E0%B8%B5%E0%B8%97%E0%B8%B5%E0%B9%88%E0%B8%AA%E0%B8%A3%E0%B9%89%E0%B8%B2%E0%B8%87%E0%B8%9B%E0%B8%B1%E0%B8%8D%E0%B8%AB%E0%B8%B2 02

Fatty liver:✒️ফেটি লিভাৰ মানেই যে চর্বিযুক্ত যকৃৎ, সেই কথা প্রায় সকলোৱে জানো। ফেটি লিভাৰৰ প্ৰাথমিক লক্ষণসমূহ পৃথককৈ চিনাক্ত কৰা যথেষ্ট কঠিন। আন কোনো সমস্যাৰ বাবে আল্ট্রাছ’ন’গ্রাম কৰাওঁতে প্রায়েই যকৃতত চর্বি ধৰা পৰে। চিকিৎসকৰ মতে, লিভাৰ বা যকৃতত এটা নির্দিষ্ট মাত্রাত চর্বি থকাটো স্বাভাবিক। কিন্তু সেই নির্দিষ্ট মাত্রাতকৈ পাঁচৰ পৰা ১০ শতাংশ চর্বি বেছি হ’লেই সেয়া ফেটি লিভাৰ বুলি বিবেচিত হয়।

ফেটি লিভাৰ দুই প্ৰকাৰৰ। এলক’হলিক ফেটি লিভাৰ ডিজিজ আৰু নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ। মাত্ৰাধিক মদ্যপানৰ কাৰণে যকৃতত যি চর্বি জমা হয়, তাকে এলক’হলিক ফেটি লিভাৰ ডিজিজ বুলি কোৱা হয়। আনহাতে, প্রধানকৈ খাদ্যাভ্যাস বা জীৱন-প্রণালীত মাত্রাধিক অনিয়মৰ ফলত যকৃতত যি চর্বি জমা হয়, তাক নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ বুলি কয়।

এই দ্বিতীয় ধৰণৰ ফেটি লিভাৰ বংশানুক্রমেও হ’ব পাৰে। নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ কোনো ঔষধ সেৱন নকৰাকৈও প্ৰতিকাৰ সম্ভব। অৱশ্যে ইয়াৰ বাবে খাদ্যাভ্যাস আৰু জীবনশৈলীত পৰিৱর্তন অনাটো জৰুৰী। অৱশ্যে নন-এলক’হলিক ফেটি লিভাৰৰ ক্ষেত্ৰতো সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে লিভাৰ ছিৰ’ছিছৰ দৰে প্ৰাণঘাতী ৰোগৰ আশংকাও বহুগুণে বৃদ্ধি পায়। লিভাৰ ছিৰ’ছিছ ৰোগত যকৃতে নিজৰ স্বাভাবিক কার্যক্ষমতা হেৰুৱায়। ফলত বৃদ্ধি পায় মৃত্যুৰ আশংকা। অৱশ্যে প্রাকৃতিক উপায়েৰে নন-এলক’হলিক ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্রণলৈ অনা সম্ভব।

প্রথম উপায়

ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্রণলৈ অনাত ই অতি সহজ উপায়। পুরা শোৱাৰ পৰা উঠি খালী পেটত এগিলাচ পানীত নেমুৰ ৰস আৰু মৌ মিহলাই পান কৰিব। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। নেমুত থকা এন্টিঅক্সিডেন্টে যকৃতত এক প্ৰকাৰৰ এঞ্জাইম সৃষ্টি কৰে, যি যকৃতৰ চৰ্বি গলোৱাত সহায় কৰে। এমাহমান নিয়ম মানি নেমু আৰু মৌৰ মিশ্রণ পান কৰি চাওক। উপকাৰ পাব।

দ্বিতীয় উপায়

এপল ছাইডাৰ ভিনেগাৰ হৈছে ফেটি লিভাৰ ডিজিজৰ ক্ষেত্ৰত উত্তম প্রতিকাৰ। এই এপল ছাইডাৰ ভিনেগাৰে যকৃতৰ কাষত জমা হৈ থকা চর্বি কমাই ওজন নিয়ন্ত্রণলৈ অনাত সাহায্য কৰে।

এপল ছাইডাৰ ভিনেগাৰৰ ব্যৱহাৰ

এগিলাচ গৰমপানীত এচামুচ এপল ছাইডাৰ ভিনেগাৰ মিহলাই লওক। ইচ্ছা কৰিলে সামান্য মৌ মিহলাই ল’ব পাৰে। দুবেলা আহাৰৰ পূর্বে এই মিশ্রণ এগিলাচকৈ পান কৰাৰ চেষ্টা কৰিব। অৱশ্যে পুৱা খালী পেটত পান কৰিব পাৰিলে ভাল। এমাহ ধৰি নিয়ম মানি এই মিশ্রণ সেৱন কৰিব পাৰিলেই ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্রণলৈ আহিব। অৱশ্যে যিসকলে এলক’হলিক ফেটি লিভাৰৰ সমস্যাত ভুগিছে, তেওঁলোকে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Exit mobile version