Orange:✒️শীতকালত মানুহৰ প্ৰায় সকলোৰে প্ৰিয় ফল হৈছে কমলা। স্বাদৰ সমান্তৰালকৈ স্বাস্থ্যৰ দিশৰ পৰাও কমলাৰ বিকল্প পোৱা টান। কিন্তু এই ফলবিধৰ বাকলিও পেলাই দিবলগীয়া নহয়। কমলাত নানা ধৰণৰ ভিটামিন আছে। লগতে কমলাৰ বাকলি একাধিক পুষ্টিগুণেৰে ভৰপূৰ।
কমলাৰ বাকলিত ভিটামিন ‘চি’, ফাইবাৰৰ লগতে পলিফেনল নামৰ এবিধ প্লেন্ট কম্পাউণ্ড আছে। এই সকলোবোৰ হজম ক্ষমতা বৃদ্ধিত অত্যন্ত কার্যকৰী।
কমলাৰ বাকলিত থকা পলিফেনলে মধুমেহ নিয়ন্ত্ৰণ কৰে আৰু ওজন কমোৱাতো সহায় কৰে। ইয়াৰ উপৰি এলঝেইমাৰৰ ৰোগৰ সমস্যাতো কমলাৰ বাকলি অতি উপকাৰী। কিদৰে খাব কমলাৰ বাকলি?
অত সৰু সৰু টুকুৰা কৰি অলপ অলপকৈ কমলাৰ বাকলি খাব পাৰে। কমলাৰ বাকলিৰ সৰু টুকুৰা ছালাদ বা ছ্যুপত মিহলায়ো খাব পাৰে। বাকলি শুকুৱাই লৈ গুড়ি কৰি কে’ক, মাফিন বা ইয়োগেটত মিহলাই খাব পাৰে।
অৱশ্যে আমাৰ শৰীৰ কমলাৰ বাকলি খোৱাত অভ্যস্ত নহয়। সেয়ে প্রথমেই বেছি পৰিমাণে খালে হজমৰ সমস্যাই দেখা দিব পাৰে। প্ৰয়োজনত চিকিৎসকৰে আলোচনা কৰি কমলাৰ বাকলি খাবলৈ আৰম্ভ কৰিব পাৰে।






























