স্বাস্থ্যকৰ খাদ্যৰ কথা ওলালেই প্রথমেই মনলৈ আহে ফলৰ কথা। ফলতকৈ স্বাস্থ্যকৰ খাদ্য কি থাকিব পাবে? নানা ধৰণৰ ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰে ভৰা ফল নিয়মিতৰূপে খাদ্য তালিকাত থাকিলে ওজন কমিবলৈ বাধ্য। কিন্তু সকলো ফলে জানো ওজন কমায়? নিশ্চয় নহয়। ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল আছে। এই পাঁচবিধ ফল নিয়মিতৰূপে খাব পাৰিলে আপোনাৰ শৰীৰৰ অতিবিক্ত ওজন দূৰ হ’বলৈ বাধ্য
ব্লুবেৰীত
ব্রিটেইনৰ এদল গৱেষকে এক সমীক্ষাৰ অন্তত জনাইছে যে ব্লুবেৰীত থকা ফ্রেভানল নামৰ উপাদানে ওজন কমোবাত সহায় কৰে। একাপ ব্লুবেৰীত ১০ মিলিগ্রাম এন্থ’ছিয়ানিন থাকে, যি দীর্ঘসময় ধৰি পেট ভৰাই ৰখাত সহায় কৰে।
আপেল
আপেলত আছে প্রচুৰ পৰিমাণৰ ফাইবাৰ আৰু ফ্রেন্ড ‘নয়েড পলিমাৰ। সেই বাবেই ওজন কমোৱাৰ ক্ষেত্রত আপেল এবিধ আদর্শ ফল। বাকলিৰে স’তে আপেল খালে বেছি উপকাৰ পোরা যায়। আপেলে তেজত শর্কৰাৰ মাত্রাও নিয়ন্ত্রণত বাখে। বক্তশর্করা নিয়ন্ত্রণত থাকিলে অকাবণত ভোক নালাগে।
নাচপতি
নাচপতিৰ ভিতৰত থকা ফ্রেভ’নয়েড পলিমাৰে ওজন কমোৱাত সাহায্য কবে। নাচপতি বাকলিসহ খালে পেট দীর্ঘ সময় ধৰি ভৰি থাকে। ফলত অতিৰিক্ত খাদ্য খোৱাৰ প্রবণতা হ্রাস পায়।
স্ট্রবেৰী
ব্লুবেৰীৰ দৰে স্টুবেৰীও এন্থ’ছিয়ানিন উপাদানেৰে ভৰপূৰ। সেইবাবেই স্ট্রবেৰী নিয়মিতৰূপে খালে ওজন কমে। এইবিধ ফল মিঠা। সেয়ে ষ্ট্ৰবেৰী খালে ওজন বাঢ়ে বুলি বহুতৰে ভুল ধাৰণা আছে। অথচ স্ট্রবেৰীৰ দৰে ফালে ওজন কমোৱাতহে সহায় কৰে।
কেপচিকাম
হালধীয়া, ৰঙা বা সেউজীয়া। কেপচিকামক আমি যিমানেই পাচলি বুলি নাভাবো কিয়, আচলতে ই ফলৰ ভিতৰতহে পবে। কেপচিকামে শ্বেত বক্তকণিকা বৃদ্ধিত সহায় কৰে, যি কেলৰি বার্ণ কৰা ব্রাউন ফেট বৃদ্ধি কৰে।






























