APCC:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে ৷ প্ৰতিমাহৰ দহ তাৰিখে অনুষ্ঠিত কৰি আহিছে যোগদান কাৰ্যসূচী ৷
দিছপুৰৰ পৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰিবৰ বাবে একপ্ৰকাৰ টঙালি বান্ধিছে কংগ্ৰেছে ৷ এনে তৎপৰতা অব্যাহত থকাৰ মাজতে বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিংৰ উপস্থিতিত ৰাজিৱ ভৱনত অনুষ্ঠিত হয় পিএচি কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক
বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰৰ সভাপতি গৌৰৱ গগৈ, সাংসদ্বয় প্রদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইনকে ধৰি কেইবাগৰাকী বিধায়ক শহ জ্যেষ্ঠ নেতা ৷ বৈঠকত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বৰ বাবে কেতবোৰ ৰণকৌশল প্ৰস্তুত কৰে ৷
