Beer Lachit Sena:চিআইডিৰ জিন্মাৰ ম্যাদ উকলা বীৰ লাচিত সেনাৰ ১০ নেতা-সদস্যক আদালতত হাজিৰ কৰাব আজি

cid assam

Beer Lachit Sena:

ধন দাবী,ভাবুকি আদি কে’বাটাও গোচৰত পাঁচ দিনৰ বাবে চিআইডিৰ জিন্মাত থকা বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানীফুকন ,বিকাশ অসম ,বিৰাজ বল্লভ, ৰিয়াজ আহমেদ মোহন আলী, চিন্ময় দেৱ, বিশ্বজিত দলে, ইনামূল হক ,তন্ময় চেতিয়া আৰু উৎপল দত্তক আজি জিন্মাৰ ম্যাদ উকলিব ৷ আটাইকে চিআইডিয়ে আদালতত হাজিৰ কৰি পুনৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে চিআইডি আৰক্ষী থানাত বীৰ লাচিত সেনাৰ নেতা- কৰ্মী কেইজনৰ বিৰুদ্ধে ৰুজু হৈছিল ২০/২০২৫ নম্বৰৰ গোচৰ। আনহাতে দিছপুৰ থানাৰ ৮৮৩/২৫ নম্বৰৰ গোচৰত পুনৰ নিজৰ জিন্মাত ল’ব পাৰে আটকাধীন বীৰ লাচিত সেনাৰ ১৯ নেতা- কৰ্মীক ৷

উল্লেখযোগ্য মহানগৰীৰ বৰবাৰী অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত পাঁচজনকৈ বীৰ লাচিত সেনাৰ নেতা- কৰ্মীক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তেওঁলোকৰ পকা উদ্ধাৰ কৰা হৈছিল ব
বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ নেতা বিকাশ অসম স্বাক্ষৰিত পাঁচখন ধন দাবী পত্ৰ ৷ আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰস্থিতিৰ উমান পাই আত্মগোপন কৰি আছিল বিকাশ অসম ৷

আনহাতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে সংগঠনৰ হৈ গুৱাহাটীত সংবাদমেল সম্বোধন কৰি থাকোতেই আন দুই নেতা সহিতে গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে ।

ইপিনে ৰন্টু পানীফুকনৰ গ্ৰেপ্তাৰৰ পিছতে থৰকাছুটি হেৰুৱাই শিৱসাগৰত ততাতৈয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই বিকাশ অসমক সংগঠনৰ পৰা বহিস্কাৰৰ ঘোষণা কৰে ৷

আনহাতে ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে ধন দাবী,ভাবুকি আদি গোচৰত আটক কৰে ইজনৰ পিছত সিজনকৈ বিভিন্ন জিলাৰ নেতা- কৰ্মীক ৷

Exit mobile version