Guwahati:
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ ৷ সন্মিলনৰ মুখপাত্ৰ ৰাজলক্ষ্মী ভূঞাই সামাজিক মাধ্যম যোগে কয় যে,অসমৰ খিলঞ্জীয়া সাধাৰণ জাতি ৰাইজৰ অধিকাৰ খৰ্ব নোহোৱাকৈ অসম চৰকাৰে জয় জনগোষ্ঠীক জনজাতিকৰণ কৰক I ছয় জনগোষ্ঠীক জনজাতীয় মৰ্য্যদা প্ৰদান কৰিবলৈ লোৱাত আমাৰ সমৰ্থন আছে কিন্তু সংৰক্ষণে যাতে সাধাৰণ জাতিৰ মৌলিক অধিকাৰ খৰ্ব নকৰে, তাৰ নিশ্চিতি প্ৰদান কৰিব লাগিব Iনিকা ভাৱমূৰ্ত্তিৰে তথা নিষ্ঠাৰে সাধাৰণ জাতিৰ বাবে কাম কৰিব পৰা ব্যক্তিসকলৰ দ্বাৰা “সাধাৰণ জাতি উন্নয়ন পৰিষদ” গঠন কৰা হওক I পৃথককৈ সাধাৰণ জাতিৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হওক I প্ৰয়োজনত সাধাৰণ জাতিক লগত লৈ সমগ্ৰ অসমখনক জনজাতীয় ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰা হওক I
