Roi Roi Binale:ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম

roi roi binaler

Roi Roi Binale:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম খন কথাছবি ‘ ৰৈ ৰৈ বিনালে‘ মুকলি হোৱাৰ দিনৰে পৰা কথাছবি খন চাবলৈ হললৈ হিলদল ভাঙি আহে ওলাই আহে ৰাইজ ৷ ইতিমধ্যে অসমীয়া ছবি জগতৰ এক নতুন দিগন্ত সূচনা কৰি বক্স অফিচৰ সকলো ৰেকৰ্ড ভাঙি দেশৰ বিভিন্ন চলচ্চিত্ৰ গৃহতো সগৌৰৱে চলি আছে।

ইয়াৰ মাজতে এচাম দুষ্ট চক্ৰৰ দৰ্শক ৰূপে চলচ্চিত্ৰ গৃহত প্ৰৱেশ কৰি চিনেমা খন ম’বাইলত ৰেকৰ্ডিং কৰি পাইৰেচী কৰি আহিছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে জুবিন ফেন ক্লাবৰ কঠোৰস্থিতিৰ বাবেই ইজনৰ পিছত সিজনকৈ গ্ৰেপ্তাৰ হৈছে পাইৰেচী কৰা লোক ৷

মহানগৰীৰ পানবজাৰ চাইবাৰ আৰক্ষীৰ জালত পৰে গোৱালপাৰাৰ লক্ষীপুৰৰ ৰফিকুল ইছলাম নামৰ ইউটিউবাৰ এজন ৷ যুৱকজনে ইউটিউবত আপলোড কৰিছিল “ৰৈ ৰৈ বিনালে” ৷ ইতিমধ্যে আটকাধীন যুৱকজনক পাণবজাৰ চাইবাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত “ৰৈ ৰৈ বিনালে’ পাইৰেচী হৈ থকাৰ সন্দৰ্ভত গোচৰ ৰজু কৰিছিল প্ৰযোজকে।

Exit mobile version