Horoscope:✒️মেষ: দৈনন্দিন কর্মত সাফল্য আহিব। কাৰোবাৰ লগত চলি অহা বিবাদৰ নিষ্পত্তি হ’ব পাৰে। সামাজিক কামত সম্মান প্রাপ্তিৰ যোগ। আকস্মিকভাৱে অর্থ সম্পদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।
বৃষ: চেষ্টা আৰু সংযম বজাই ৰাখিব পাৰিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ ঘটিব। কিবা বিষয় লৈ ভ্ৰাতৃৰ লগত বিৰোধ দেখা দিব পাৰে। সাংবাদিকৰ কৰ্মক্ষেত্ৰত সম্মান বৃদ্ধিৰ যোগ। আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব। বিদ্যার্থীৰ সাফল্য আহিব।
মিথুন: কর্মক্ষেত্রত মধ্যম ফল। এই ৰাশিৰ ক্ৰীড়াবিদসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। দিনৰ শেষ ভাগত ব্যৱসায়-বাণিজ্যত জটিলতা দেখা দিব পাৰে।
কর্কট: কর্মক্ষেত্রত বেমেজালিয়ে দেখা দিব পাৰে। এই ৰাশিৰ সংগীত শিল্পীসকলৰ বাবে দিনটো ফলদায়ক হ’ব। দিনটোত কামৰ সুফল পাব পাৰে। ভ্রাতৃৰ উন্নতিৰ যোগ। বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যোগ।
সিংহ: কর্মক্ষেত্রত সহকর্মীৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। অপ্রত্যাশিত ভাৱে ঘৰুৱা অশান্তি দেখা দিব পাৰে। নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব। দিনটোত আত্মীয়ৰ বিয়োগৰ খৰব পাব পাৰে।
কন্যা: কর্মক্ষেত্রত বিশেষ কোনো কামৰ বাবে প্রশংসা লাভ কৰিব। হঠাৎ শৰীৰত আঘাতপ্ৰাপ্তিৰ যোগ আছে। গতিকে দিনটোত সাৱধানেৰে চলাফুৰা কৰিব। আর্থ সম্পদ প্রাপ্তিৰ যোগ আছে। দিনটোত নতুন যোগাযোগৰ ক্ষেত্রত অপ্রত্যাশিতভাৱে বাধা পৰিব পাৰে। প্ৰেমত সাফল্য আহিব।
তুলা: ঘৰুৱা অশান্তিৰ ফলত দৈনন্দিন কৰ্মত বাধা। কর্মক্ষেত্রত সমস্যা বৃদ্ধি পাব। দিনটোত নতুন যান-বাহন ক্ৰয়ৰ যোগ আছে। নিবনুৱা জাতক জাতিকাৰ কৰ্মসংস্থাপনৰ যোগ দেখা যায়।
বৃশ্চিক: কর্মক্ষেত্রত সম্মান প্রাপ্তিৰ যোগ। কিবা বিষয় লৈ ভ্ৰাতৃৰ লগত বিৰোধ হ’ব পাৰে। শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ। দিনটোত শুভ সংবাদ প্ৰাপ্তিৰ ফলত মানসিক আনন্দ লাভকৰিব।
ধনু: সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয় লৈ পিতৃ-পুত্ৰৰ মাজত বিৰোধৰ সম্ভাৱনা দেখা যায়। কর্মক্ষেত্ৰত শত্রুৱে বদনাম কৰিব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সহায়-সাহায্যৰ মাধ্যমত নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ।
মকৰ: কৰ্মক্ষেত্ৰত অপ্রত্যাশিতভাবে জটিলতাই দেখা দিব পাৰে। বিশেষ কোনো কামৰ বাবে আত্মীয়স্বজনৰ প্ৰশংসা লাভ কৰিব। হার্ট বা ৰক্ত সংক্রান্ত বেমাৰ-আজাৰত আক্ৰান্ত হোৱাৰ যোগ।
কুম্ভ: কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব। অইন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ সাফল্য আহিব। বিনা কাৰণতে অপমানিত হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ যদিও নতুনকৈ ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল হ’ব। আর্থিকত মধ্যম ফল। বিদ্যার্থীয়ে অধিক পৰিশ্ৰম কৰিব।
মীন: দৈনন্দিন কর্মত উন্নতিৰ যোগ। কিবা বিষয় লৈ ঘনিষ্ঠ বন্ধুৰ লগত বিৰোধ হ’ব পাৰে। সমাজত প্রতিষ্ঠিত হোৱাৰ যোগ আছে। অর্থনৈতিক দিশত শুভ ফল আশা কৰিব পাৰে। বাধা-বিঘিনিৰ মাজেৰে গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। বিদ্যার্থীৰ শুভ। দাম্পত্যত শান্তি বজাই ৰাখিব।
