বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত প্রথম স্থানত থকা এলন মাস্কে আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিলে। এইবাৰ বেতনৰ কাৰণত সংবাদ মাধ্যমত চর্চিত হৈছে মাস্ক।
আমেৰিকাৰ বিখ্যাত বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ শ্বেয়াৰহ’ল্ডাৰে মাস্কক এক ত্রিলিয়ন ডলাৰ অৰ্থাৎ প্রায় এক লাখ কোটি ডলাৰৰ বেতনৰ পেকেজ প্রদানত অনুমোদন জনালে।
বিশ্বৰ কৰ্প’ৰেট জগতৰ ইতিহাসত মাস্কক টেছলাই প্ৰদান কৰা এই বেতন পেকেজ সর্বোচ্চ স্বীকৃত হ’ল। টেছলাৰ বাৰ্ষিক সাধাৰণ বৈঠকত মাস্কৰ বেতনৰ পেকেজ বৃদ্ধিৰ সপক্ষে ৭৫ শতাংশই ভোটদান কৰিলে।
অৱশ্যে এই অভিলেখকাৰী বেতনৰ পেকেজ লাভৰ বাবে মাস্কে টেছলাৰ একাধিক চৰ্ত পূৰণ কৰিব লাগিব। আগন্তুক ১০ বছৰত মাস্কে টেছলাৰ বজাৰ মূল্য ১.৪ ত্রিলিয়ন ডলাৰৰ পৰা ৮.৫ ত্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব লাগিব।
তদুপৰি মাস্কে ১০ লাখ চালকহীন ৰ’বোটেক্সি বজাৰত মুকলি কৰাৰ লক্ষ্যও পূৰণ কৰিব লাগিব। যদি এইসমূহ লক্ষ্য মাস্কে পূৰণ কৰিব পাৰে তেন্তে তেওঁ পুৰস্কাৰ হিচাপে টেছলাৰ কে’বা কোটি ডলাৰৰ শ্বেয়াৰ লাভ কৰিব।






























