Pakistan:✒️আধুনিক যুগত মানুহৰ আয়ু উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ২০২২ত বিশ্বত গড় আয়ু আছিল ৭২ বছৰ, যিটো ১৯০০ৰ ৩২ বছৰৰ গড় আয়ুতকৈ দ্বিগুণৰো বেছি। অথচ পাকিস্তানত এনে এক জনজাতি সম্প্রদায় আছে, যাৰ মহিলাসকলৰ গড় আয়ু ১৫০ বছৰৰো অধিক।
উত্তৰ পাকিস্তানৰ য়াছিন, হুনজা আৰু নগৰ উপত্যকাৰ আদিবাসী গোষ্ঠী হুনজা সম্প্রদায় অসাধাৰণ আয়ুসৰ অধিকাৰী। অৱশ্যে দীর্ঘায়ু হোৱাৰ উপৰি হুনজা মহিলাসকল তেওঁলোকৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত আৰু ৬০-৭০ বছৰ বয়সতো তেওঁলোকক যুৱতীৰ দৰে লাগে।
নিজৰ স্বতন্ত্র, স্বাৱলম্বী আৰু কৃষি জীৱনযাত্ৰাৰ বাবে পৰিচিত এই আদিবাসী জনগোষ্ঠী। হুনজা সম্প্ৰদায়ৰ লোকসকল হুনজুকুচ বা বুঝছো নামেৰেও পৰিচিত।
হুনজা মহিলাসকলৰ আয়ুস ১৫০ বছৰৰো অধিক সময়লৈ প্ৰসাৰিত হ’ব পাৰে। বিশ্ব মিডিয়াত ব্যাপকভাবে প্রকাশিত এক প্রতিবেদন অনুসৰি, ১৯৮৪৩ লণ্ডনৰ হিথৰো বিমানবন্দৰত আব্দুল মোবাত নামৰ এজন ব্যক্তিক দেখা পোৱা গৈছিল, যাৰ পাছপ’ৰ্টত জন্ম বছৰ ১৮৩২ বুলি উল্লেখ আছিল। অর্থাৎ সেই সময়ত তেওঁৰ বয়স ১৫২ বছৰ।
প্ৰথম বয়সৰ সমাত অৱস্থাত বিস্মিত নিৰাপত্তা বিষয়াসকলে ভাবিছিল যে সেয়া ভুলৰ বাবেই হৈছিল। যদিও পুংখানুপুংখ তদন্তৰ পাছত বিষয়াসকলে আশ্চৰ্যকৰভাৱে আৱিষ্কাৰ কৰিলে যে তেওঁলোকৰ সম্মুখত থিয় হৈ থকা আব্দুল মোবাত নামৰ লোকজনৰ প্ৰকৃত বয়সেই হৈছে ১৫২ বছৰ। মোবাত পাকিস্তানৰ হুনজা সম্প্ৰদায়ৰ লোক বুলি জনা গৈছে।
হুনজা জনগণৰ দীর্ঘায়ু তথা সুস্থ জীৱনৰ অন্তৰালত কোনো অলৌকিকতা বা যাদু নাই। একাংশ বিজ্ঞানীৰ মতে, ইয়াৰ ৰহস্য লুকাই আছে সম্প্রদায়টোৰ খাদ্যাভ্যাস আৰু স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ মাজত। হুনজাসকলৰ খাদ্যাভ্যাস প্রধানকৈ খুবানি আৰু আখৰোটক কেন্দ্ৰ কৰি। সেইবোৰ খাদ্য তেওঁলোকে প্ৰচুৰ পৰিমাণে খায়।
ই কৰ্কটৰ আশংকা হ্রাস কৰে, যাৰ ফলত হুনজাসকলে দীর্ঘ তথা সুস্থ জীৱন-যাপন কৰিব পাৰে। বিভিন্ন প্রতিবেদন অনুসৰি, হুনজা জনগণৰ আৰু এটা অনন্য বৈশিষ্ট্য হৈছে তেওঁলোকৰ সম্পূৰ্ণ জনসংখ্যা সম্পূৰ্ণৰূপে কর্কটমুক্ত। প্রতিবেদনত দাবী কৰা হৈছে যে হুনজা সম্প্ৰদায়ৰ কোনো মানুহৰ কৰ্কট ধৰা পৰা বা তাৰ বাবে মৃত্যু হোৱাৰ কোনো নথিভুক্ত ঘটনা নাই।
প্রতিবেদন অনুসৰি, হুনজাৰ মানুহ বিশেষকৈ মহিলাসকলক বৃদ্ধ বয়সতো যুৱতীৰ দৰে লাগে। একাংশ বিশেষজ্ঞৰ মতে, হুনজাৰ স্বাস্থ্যকৰ জীৱনধাৰাই তেওঁলোকক ৬০ বছৰ বা তাতকৈ বেছি বয়স পর্যন্ত তাৰুণ্য ধৰি ৰখাত সহায় কৰে। মজাৰ বিষয়টো হৈছে যে হুনজাসকলে বছৰত দুইৰ পৰা তিনি মাহলৈ গধুৰ খাদ্য নাখায় আৰু সেই সময়ত তেওঁলোকে কেৱল ফলৰ ৰসহে গ্ৰহণ কৰে।
তদুপৰি, হুনজাসকলে প্রায়েই দীর্ঘ সময় ধৰি খোজকাঢ়ে আৰু তেওঁলোকৰ খাদ্য তালিকাত থাকে ফলমূল, কেঁচা শাক-পাচলি, শুকান ফল, গাখীৰ আৰু কণী। ইয়াকো দাবী কৰা হৈছে যে হুনজা মহিলাসকলে ৬৫ বছৰ বয়সতো সন্তান জন্ম দিব পাৰে।






























