Cm Himanta Viswa Sarma:
দিনজোৰা কাৰ্যসূচীৰে আজি দুপৰীয়া গহপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা পুনৰ সৰৱ হৈ পৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ৷ গগৈৰ পাকিস্তান কেন্দ্ৰীক লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,গৌৰৱ গগৈৰ পাকিস্তানৰে লিংকৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে ৷
আৰু এখোপ আগলৈ গৈ কয়, মুখ্যমন্ত্ৰী হিচাপে মই কৈছো গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট ৷ তেওঁৰ পৰিয়ালটোৱে আগৰ পৰাই পাকিস্তানৰ হৈ কাম কৰি আছে। সেয়ে গগৈয়ে কিবা এটা হ’লে লগে লগে প্রতিক্রিয়া দিব নোৱাৰে ৷ অচিৰেই ৰাজহুৱা কৰা হ’ব সকলো তথ্য।
