কাৰ্যালয়ৰ ৰোমান্স (অফিচ বোমান্স) কোনো নতুন কথা নহয় যদিও ভাৰতত এনে ঘটনাৰ হাৰ অত্যধিক বৃদ্ধি পাইছে বুলি এক অধ্যয়নত প্রকাশ। এই অধ্যয়নৰ তথ্য অনুসৰি, কাৰ্যালয়ত সহকর্মীৰ স’তে প্রেমজনিত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে।
অস্ট্রেলিয়া, ব্রাজিল, কানাডা, জার্মানী, ভাৰত, ইটালী, মেক্সিকো, স্পেইন, ছুইজাৰলেণ্ড, ব্রিটেইন আৰু আমেৰিকাসহ ১১ খন দেশক সামৰি এই অধ্যয়ন চলোৱা হৈছিল। সমীক্ষাত ১৩,৫৮১ প্রাপ্তবয়স্ক লোকে অংশ লৈছিল। সমীক্ষাৰ তথ্য অনুসৰি অফিচ ৰোমান্সৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্রথম স্থানত আছে মেক্সিকো।
এই দেশৰ ৪৩ শতাংশ অংশগ্রহণকাৰীয়ে সমীক্ষাত স্বীকাৰ কৰা অনুসৰি, তেওঁলোকৰ সহকৰ্মীৰ স’তে কোনো এক সময়ত কার্যালয়ত ৰোমাণ্টিক সম্পর্ক আছিল। অফিচ ৰোমান্সৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতৰ ৪০ শতাংশ অংশগ্রহণকাৰীয়ে সহকর্মীৰ স’তে প্রেমজনিত সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে।
ব্রিটেইন, আমেৰিকা আৰু কানাডাত অফিচ ৰোমান্সৰ হাৰ ৩০ শতাংশত আবদ্ধ আছে। ভাৰতত বিভিন্ন কর্মক্ষেত্রত জড়িত প্রতি চাৰিজন কর্মীৰ এজনে স্বীকাৰ কৰা অনুসৰি বৰ্তমানে কোনো সহকর্মীৰ স’তে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছে।
এই অধ্যয়নত লগতে উল্লেখ কৰা অনুসৰি মহিলাতকৈ পুৰুষৰ মাজত অফিচ ৰোমান্সৰ প্ৰৱণতা অধিক। প্রায় ৫১ শতাংশ পুরুষে আৰু ৩৬ শতাংশ মহিলাই অফিচ ৰোমান্সৰ কথা স্বীকাৰ কৰিছে। ৩০ শতাংশ পুৰুষে কয় যে অফিচ ৰোমান্সৰ প্রতি আগ্রহ আছে যদিও ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱৰ ভয়ত দ্বিধাবোধ কৰে।
আনহাতে, একে কাৰণত অফিচ ৰোমান্সৰ প্রতি দ্বিধাবোধ থকা বুলি স্বীকাৰ কৰিলে ২৬ শতাংশ মহিলাই। ১৮-২৪ বছৰ বয়সীয়া ৩৪ শতাংশ যুবকে কয় যে তেওঁলোকে কাৰ্যালয়ত সহকর্মীৰ স’তে ৰোমান্স কৰিব নিবিচাৰে কাৰণ ইয়াৰ ফলত তেওঁলোকৰ কেৰিয়াৰ ক্ষতিগ্রস্ত হ’ব পাৰে।
অফিচ ৰোমান্সৰ প্ৰৱণতা কেবল মহানগৰতে আবদ্ধ নহয়, ভাৰতৰ সৰু চহৰতো কৰ্মৰত পুৰুষ-মহিলাৰ মাজত সহকর্মীৰ স’তে ৰোমাণ্টিক সম্পর্ক গঢ়াৰ প্ৰৱণতা বৃদ্ধি পাইছে বুলি এই অধ্যয়নত উল্লেখ কৰিছে। একেটা অধ্যয়নত প্রকাশ যে ভাৰতৰ কাঞ্চিপুৰম চহৰখনত বিবাহ বহির্ভূত সম্পর্ক স্থাপনৰ বাবে আগ্রহী লোকৰ তালিকাত শীর্ষ স্থানত আছে।






























