Anand Mishra:
মনত দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে সফলতা লাভ কৰিব পাৰি ৷ ইয়াকে সঁচা প্ৰমাণিত কৰিলে প্ৰাক্তন আইপিএছ বিষয়া আনন্দ মিশ্ৰ I
বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে আজি সকলোৰে দৃষ্টি নিবদ্ধ আছিল বক্সাৰ বিধানসভা সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰতিদ্বন্দ্ব্বীতা আগবঢ়াইছিল বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আনন্দ মিশ্ৰ । অসমৰ বাবে বিশেষ চৰ্চাৰ কেন্দ্ৰ বিন্দু এইবাবে যে তেওঁ অসমত আইপিএছ বিষয়া ৰূপে চাকৰি জীৱনৰ পাতনি মেলিছিল ৷কিন্ত বিগতবৰ্ষত চাকৰি ত্যাগ কৰি ৰাজনীতিৰ পথাৰত ভৰি দি বিগতবৰ্ষৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছিল যদিও পৰাজিত হয় ৷ তাৰ পিছত তেওঁ যোগদান কৰে প্ৰশান্ত কিশোৰ জন সুৰক্ষা পাৰ্টিত ৷ কিন্ত শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মিশ্ৰই যোগদান কৰে বিজেপিত ৷ দলত যোগদান কৰিয়েই লাভ কৰে বক্সাৰৰ পৰা দলীয় টিকট।
আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত আনন্দ মিশ্ৰই তেওঁৰ প্ৰতিদ্বন্দ্ব্বী কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তেৱাৰীতকৈ প্ৰথম ৰাউণ্ডৰ পৰা অগ্ৰগতি লাভ কৰিছিল ৷ অবশেষত বৃহৎ জয়ৰ দিশে আগবাঢ়ি প্ৰায় ১৪ হেজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিধায়ক হোৱাটো নিশ্চিত হৈ পৰে ৷ মাত্ৰ কিছু মুহূৰ্তৰ পিছতে ফলাফলৰ আনুষ্ঠানিকতা সম্পন্ন হ’ব ৷
