Tejaswi Yadav:
বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা বৰ্তমানেও অব্যাহত আছে। মহজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী আৰজেডিৰ শীৰ্ষ নেতা তেজস্বী যাদৱ ৰাঘোপুৰ সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বীতাৰ সন্মুখীন হৈছে ৷ সমষ্টিটোত তেওঁৰ প্ৰধান প্ৰতিদ্বন্দ্বী বিজেপিৰ সতীশ কুমাৰৰ স’তে অব্যাহত আছে তুমুল যুঁজ হয় ৷ এবাৰ যদি তেওঁ আগবাঢ়ি থাকে ৷আন এবাৰ আকৌ আগবাঢ়ি থাকে সতীশ কুমাৰ ৷
ভোণগণনাৰ পঞ্চম ৰাউণ্ডত তেজস্বী যাদৱ পিছ পৰি আছিল যদিও শেহতীয়া খবৰ অনুসৰি ষষ্ঠ ৰাউণ্ড ২১৯ টা ভোটেৰে সামান্য অগ্ৰগতিৰে লাভ কৰিছে ৷ তেজস্বী যাদৱে ২৩ ৫৩১টা ভোট লাভ কৰাৰ বিপৰীতে সতীশ কুমাৰে লাভ কৰিছে ৩২,৩১২ টা ৷
উল্লেখ্য যে তেজস্বী যাদৱৰ দল আৰজেদি শোচনীয় পৰাজয় দিশে আগবাঢ়ি বতৰ্মানলৈকে মাত্ৰ ৩২খন অসনতে অগ্ৰগতি লাভ কৰিছে । এনেক্ষেত্ৰত তেজস্বী যাদৱৰ বাবে সন্মানৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৰাঘোপুৰ সমষ্টি।
