Bihar cabinet expansion:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আজি বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হয় । ৰাজধানী পাটনাৰ গান্ধী মৈদানত কেবিনেট সম্প্ৰসাৰণৰ শপতগ্ৰহণ অনুষ্ঠানত মুঠ ৩২ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে I মন্ত্ৰী সকলক শপতবাক্য পাঠ কৰাই বিহাৰৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনেইন। আজি শপত গ্ৰহণ কৰা মুঠ ৩২ গৰাকী মন্ত্ৰীৰ ভিতৰত বিজেপিৰ ১৫ জন, জেডিইউৰ ১৩ জন, এলজেপিআৰৰ ২ জন, হামৰ ১ জন, আৰএলএমৰ ১ জন ।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু বিজেপিৰ সভাপতি নীতিন নবীন সহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, ইয়াৰ উপৰিও কে’বাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিহাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱান, ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিং, জিতন ৰাম মাঞ্জী, আৰ এল এম অ’ৰ সভাপতি উপেন্দ্ৰ কুশৱাহা ।
মন কৰিবলগীয়া যে নীতিশ কুমাৰৰ পদত্যাগৰ পিছত ১৫ এপ্ৰিলত যেতিয়া সম্ৰাট চৌধাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া সীমিত পৰিসৰৰ ভিতৰতে অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। জেডিইউৰ দুজন উপ -মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰে। আজিৰ পৰা চৰকাৰে সম্পূৰ্ণ কেবিনেটৰ সৈতে কাম কৰিব।
উল্লেখ্য যে আজি নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰেও সম্ৰাটৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খবৰ অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিশান্তৰ মনোনয়নত অনুমোদন জনাইছিল i তাৰ পিছত দলৰ নেতাসকলে তেওঁক মন্ত্ৰীসভাত যোগদান কৰিবলৈ পতিয়ন নিয়াইছিল আৰু আজি তেওঁ সম্ৰাট চৌধুৰীৰ মন্ত্ৰীসভাত জেডিইউৰ কোটাৰ পৰা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
আনহাতে আজি শপত গ্ৰহণ কৰা সকলৰ ভিতৰত বিজেপি কোটাৰ পৰা বিজয় কুমাৰ সিনহা ,দিলীপ জয়ছোৱাল ,ৰাম কৃপাল যাদৱ ,নীতিশ মিশ্ৰ ,মিথলেশ তিৱাৰী ,কেদাৰ গুপ্তা ,ৰামা নিছাদ ,প্ৰমোদ চন্দ্ৰবংশী ,লখেন্দ্ৰ পাছৱান ,সঞ্জয় টাইগাৰ ,কুমাৰ শৈলেন্দ্ৰ ,ৰামচন্দ্ৰ প্ৰসাদ ,শ্ৰেয়াসী সিং ,অৰুণ শংকৰ প্ৰসাদ ৷ জে ডি ইউ কোটাৰ পৰা মন্ত্ৰীত্ব লাভ কৰা সকল হ’ল শ্ৰৱণ কুমাৰ ,অশোক চৌধুৰী ,লেছি সিং ,মদন সাহনী ,জামা খান ,সুনীল কুমাৰ ,শীলা মণ্ডল, ৰত্নেশ সদা ,বুলো মণ্ডল ,ভগৱান সিং কুশৱাহা , দামোদৰ ৰাৱত ,নিশান্ত কুমাৰ ,শ্বেতা গুপ্তা ৷ আনহাতে এলজেপি(আৰ) কোটাৰ পৰা মন্ত্ৰীত্ব লাভ কৰে সঞ্জয় পাছৱান ,সঞ্জয় সিং I হাম কোটাৰ পৰা মন্ত্ৰীত্ব পায় সন্তোষ সুমনে আৰু আৰ এল এম কোটাৰ পৰা মন্ত্ৰীত্ব লাভ কৰে এল এম অ’ৰ সভাপতি উপেন্দ্ৰ কুশৱাহাৰ পুত্ৰ দীপক প্ৰকাশে ৷





























