Bihar:✒️বাজিমাৎ কৰিলে নীতিশ কুমাৰে।নির্বাচনোত্তৰ সমীক্ষাসমূহৰ ফলাফলতকৈও অধিক বৃহৎ জয় সাব্যস্ত কৰি ক্ষমতালৈ উভতি আহিল এনডিএ। যোৱা ছয় আৰু ১১ নৱেম্বৰত অনুষ্ঠিত চলিত বিহাৰ বিধানসভা নিৰ্বাচনৰ কালি ফলাফল অনুসৰি বিজেপি-জেডিইউ-এলজেপি আদিৰে গঠিত এনডিএই অভাবনীয়ভাবে দুই শতাধিক আসনত জয়লাভকৰে। ২৪৩ আসন বিশিষ্ট বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে এটা দল বা মৰ্চাক ১২২ বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। এই ‘যাদু’ সংখ্যাতকৈ কমেও ৮২ খন অধিক আসন এনডিএই লাভকবে। সন্ধিয়ালৈকে পোৱা ভোটগণনাৰ ফলাফল অনুসৰি এনডিএৰ মূল অংশীদাৰ দুই দল কুমাৰৰ জেডিইউবে ৮৪ খন আৰু বিজেপিয়ে ৯৪ খন আসনত জয়লাভ কৰে।
অর্থাৎ বিজেপি সংখ্যাগৰিষ্ঠ দলত পৰিণত হয়। তৎসত্ত্বেও কুমাৰে মুখ্যমন্ত্রী পদৰ শক্তিশালী দাবীদাৰ হোৱাৰ সম্ভাবনা প্রবল। এনডিএৰ আনকেইটা অংশীদাৰ দল কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ লোক জনশক্তি পার্টি (ৰামবিলাস)য়ে ১৯খন, কেন্দ্রীয় মন্ত্রী জীতন ৰাম মাঝিৰ নেতৃত্বাধীন হিন্দুস্তানী আরাম মৰ্চা আৰু ৰাজ্যসভাৰ সাংসদ উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোকমর্চাই চাৰিখনকৈ আসন লাভ কৰে। ফলত শাসকীয় মিত্রজোঁটে জয়লাভ কৰা আসনৰ সংখ্যাই দুই শতাধিকৰ ঘৰ স্পৰ্শ কৰে। আনহাতে, আগ্রাসী ৰূপ ধাৰণ কৰিলেও কংগ্ৰেছ-আৰজেডি নেতৃত্বাধীন বিৰোধীয়ে শোচনীয় পৰাজয়বৰণ কৰে।
পূর্বে বিহাৰত চৰকাৰ পৰ্যন্ত গ্রহণ কৰা আৰজেডি ২৫ খনতকৈ কম আসনত সন্তুষ্ট থাকিবলগীয়া হয়। একেদৰে ৬১ খন আসনত কংগ্রেছে মাথোঁ ছখনতহে জয়লাভ কৰে। যোৱা নির্বাচনত উন্নত ফল প্রদর্শন কৰা বাঁওদলসমূহেও এইবাৰৰ নিৰ্বাচনত শোচনীয় ফলাফল প্রদর্শন কৰে। যোৱাবাৰ ১৬ খন আসন দখল কৰা বাঁওদল কেইটাই এইবাৰ তিনিখন আসনতহে জয়লাভ কৰে। বহুতৰ বাবে বিহাৰৰ এইবাৰৰ নিৰ্বাচনৰ ফলাফল অপ্রত্যাশিত চিহ্নিত হৈছে। পূর্বে একাংশ বিশ্লেষকে মন্তব্য কৰিছিল যে এইবাৰ প্ৰশান্ত কিশোৰৰ জন সুৰজ দলে ভোটৰ বিভাজন ঘটাই এনডিএক বিপদত পেলাব। বাস্তৱত আজি দেখা গ’ল যে নির্বাচনটোত কিশোৰৰ কোনো প্ৰভাৱে নপৰিল। ইয়াৰ পৰিৱৰ্তে এনডিএই প্রচণ্ড চুনামিৰ সৃষ্টি কৰে।
২০২০তকৈ দুগুণ আসন লাভ জেডিইউৰ
উল্লেখ্য যে ২০২০ৰ নিৰ্বাচনত জেডিইউবে মাত্র ৪৩ আসনতহে জয়লাভ কৰিছিল। তাৰ তুলনাত তেতিয়া বিজেপিয়ে ১১০ খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৭৪ আসনত জয়লাভ কৰে। উক্ত নির্বাচনত জেডিইউরে ১১৫ খনত প্রতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ জেডিইউবে বিজেপিতকৈ তুলনামূলকভাবে উন্নত ফল প্ৰদৰ্শন কৰি যোৱাবাৰৰ তুলনাত দুগুণ আসন লাভ কৰে। ইয়াৰ বিপৰীতে এইবাৰ বিজেপিৰ আসনৰ সংখ্যা ১০ খন বৃদ্ধি পায়। তৎসত্ত্বেও এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠ দলত পৰিণত হয়।
শতকৰা হাৰত পৰাজিত বিৰোধীৰ পক্ষত অধিক ভোট সংখ্যাধিক্য আসন জয়ত ব্যর্থ হ’লেও শতকৰা হাৰত বিৰোধীয়েই অধিকাংশ ভোট লাভ কৰে। নিশা ১০ বজাৰ তথ্য অনুসৰি আৰজেডিৱে ২৩.৯৯ শতাংশ, বিজেপিয়ে ২০.০৭ শতাংশ, জেডিইউৱে ১৯.২৬ শতাংশ আৰু কংগ্ৰেছে ৮.৭২ শতাংশ ভোট লাভ কৰে। তৎসত্ত্বেও এনডিএ শিবিৰে বিপুল জয় সাব্যস্ত কৰে।
সঁচাকৈয়ে আশ্চৰ্যকৰ, নিৰ্বাচন আৰম্ভণিৰ পৰাই নিকা নাছিল: ৰাহুল বিহাৰৰ নিৰ্বাচন নিকা নাছিল বুলি প্রতিক্রিয়া প্রকাশ কৰিছে কংগ্ৰেছ নেতা বাহুল গান্ধীয়ে। নিৰ্বাচনৰ আগৰ পৰা নির্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ অহা ৰাহুলে ফলাফলক লৈ তীব্র ক্ষোভো প্রকাশ কৰিছে। সামাজিক মাধ্যমত কয়, ‘বিহাৰৰ ফলাফল সঁচাকৈয়ে আশ্চর্যকব। আমি এটা নির্বাচনত জয়লাভ কৰিব নোৱাৰিলো, যিটো আৰম্ভণিৰ পৰাই নিকা নাছিল।’ সংবিধান আৰু গণতন্ত্র ৰক্ষাৰ বাবে যুঁজ দিয়া হৈছে বুলি দাবী কৰি তেওঁ লগতে কয়, ‘কংগ্ৰেছ দল আৰু ইণ্ডিয়াই এই ফলাফলৰ গভীৰ পুনৰীক্ষণ কৰিব আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে পদক্ষেপ অধিক কাৰ্যকৰী কৰিব।’
অস্বাভাৱিক ফলাফল, গণতন্ত্ৰৰ সংকট: বাঁওদলসমূহৰ আসন হ্রাসক লৈ প্রতিক্রিয়া নিৰ্বাচনৰ ফলাফলক অস্বাভাবিক বুলি অভিহিত কৰিছে বাঁওদলসমূহে। যোৱাবাৰতকৈ এইবাৰ বাঁওদলসমূহৰ আসনৰ সংখ্যা ১৩ খন হ্রাস পোৱাক লৈ প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ বাঁওপন্থী নেতা দীপাংকৰ ভট্টাচাৰ্যই কয়, ‘২০২০ৰ বিধানসভা নির্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ স’তে এই নিৰ্বাচনৰ ফলাফলৰ কোনো সামঞ্জস্য নাই। এয়া অস্বাভাবিক ফলাফল। আমি বিৰোধী জোঁটৰ সংকট বুলি বিবেচনা কৰা নাই। ততোধিক অধিক সংকট হৈছে গণতন্ত্রৰ।’
আঢ়ৈশ আসন জয় কৰি পুনৰ ক্ষমতালৈ উভতিব মমতা: তৃণমূল কংগ্রেছ অহা বছৰ অনুষ্ঠিত হ’ব লগা নির্বাচনত আঢ়ৈশ আসন দখল কৰি পুনৰ ক্ষমতালৈ মুখ্যমন্ত্রী মমতা বেনার্জী উভতি আহিব বুলি দাবী কৰিছে পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছে। কালি বিহাৰ বিধানসভা নির্বাচনত এনডিএই বিপুল জয় সাব্যস্ত কৰাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত জংঘলৰাজ চলি থকা বুলি তীর্যক মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি তৃণমূল কংগ্ৰেছৰ মুখপাত্র কুনাল ঘোষে কয়, ‘বংগৰ ৰাজনীতি ৰসায়ন বুজি পোৱাত মোদী ব্যর্থ হৈছে। বংগৰ জনতাই বাৰে বাৰে বিজেপিৰ ঘৃণাৰ ৰাজনীতিক প্রত্যাখ্যান কৰি আহিছে। পশ্চিমবংগ জয়ৰ বিজেপিৰ সপোন এক ভ্রমহে। বংগৰ বাঘিনী মমতা পুনৰ ক্ষমতালৈ উভতিব।’ ইয়াৰ পূর্বে মোদীয়ে গামোচা শিৰৰ ওপৰলৈ তুলি মূলতঃ মমতাকে আক্রমণ কৰি কয়, ‘গংগা বিহাৰৰ পৰা বংগলৈ বৈ গৈছে আৰু বিহাৰৰ বিজয়ে এই নদীৰ দৰে বংগৰ বিজয়ৰ পথ মুকলি কৰিছে। বংগৰ জনতায়ো নিজ ৰাজ্যৰ পৰা জংঘলৰাজ উৎখাত কৰিবলৈ সংকল্প লওঁক।






























